বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা আয়ুক্তৰ আকস্মিক পৰিদৰ্শন
নগাঁও
নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কৰে আকস্মিক পৰিদৰ্শন। ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ সমীপতে থকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিনধৰি চিকিৎসক, ফাৰ্মাচিষ্ট আৰু স্বাস্থ্যকৰ্মী সকল প্ৰায়ে উপস্থিত নথকাৰ অভিযোগ আছিল। আজিও আয়ুক্তগৰাকী উপস্থিত হোৱাৰ সময়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু অস্থায়ী কৰ্মচাৰীহে উপস্থিত আছিল । পৰৱৰ্তী সময়ত চিকিৎসক আৰু ফাৰ্মাচিষ্ট লৰালৰিকৈ উপস্থিত হোৱাত আয়ুক্ত দেৱাশীষ শৰ্মাই জবাবদিহি কৰে।
চিকিৎসক,ফাৰ্মাচিষ্ট আৰু স্বাস্থ্যকৰ্মী সকলৰ বিৰূদ্ধে শীঘ্ৰে জিলা যুটীয়া স্বাস্থ্য বিষয়াক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে। উল্লেখ্য যে,দিনৰ ১২ বজাত আয়ুক্তগৰাকী উপস্থিত হৈ চিকিৎসালয়খনত চিকিৎসকৰ ৰোগীৰ হাহাকাৰ অৱস্থা প্ৰত্যক্ষ কৰি খঙত অগ্নিশৰ্মা হৈ পৰে। অকৰ্তৃত্বশীলভাৱে ১১বজাৰ পৰা চিকিৎসকৰ অনুপস্থিত থকা বিষয়ত ক্ষুণ্ণ হৈ পৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ।
