...

শুৱালকুছিত জুবিন গাৰ্গৰ ৰসহ্যজনক মৃত্যুৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী

Spread the love

শুৱালকুছিত জুবিন গাৰ্গৰ ৰসহ্যজনক মৃত্যুৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী

সাত দিনৰ ভিতৰত এই কাৰ্যত জড়িতক গ্ৰেপ্তাৰ দাবী

 

শুৱালকুছি:

এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ সুদূৰ ছিংগাপুৰৰ সাগৰত মৃত্যুক সাৱতি লোৱা
জুবিন গাৰ্গৰ মৃত্যুত সহজ ভাবে লব পৰা নাই শুৱালকুছিৰ ছাত্ৰ সমাজ ৷ আজি শুৱালকুছি বু্দৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিল্পী গৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে কলা বেজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ড লৈ গণশিল্পী গৰাকীৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰে প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ দাবী জনাই বিভিন্ন শ্লোগান দি শুৱালকুছিৰ ৰাজপথ কপাই তোলে ৷ মহাবিদ্যালয় ছাত্ৰসন্থাৰ সভাপতি সৌৰভ বৰ্মণে অসমৰ জাতীয় জীৱনৰ সম্পদ জুবিন গাৰ্গৰ এনে ৰসহ্যজনক মৃত্যু অসমবাসীয়ে কেতিয়াও আৰু কাহানিও মানিব নোৱাৰে বুলি উল্লেখ কৰি কয় যে, অসমৰ ছাত্ৰ সমাজে এনে মৃত্যুৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে সংগ্ৰাম কৰিব লাগিব ৷ নহলে বিভিন্ন কৌশলগত কাৰণ দেখুৱাই অসমৰ মানুহৰ চকুত ধুলি দি প্ৰকৃত ’কালপিট’ সাৰি যাব ৷ কেৱল জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি থাকিলেই নহব ৷ ইয়াৰ সমান্তৰালকৈ দোষীৰ শাস্তিৰ দাবীত প্ৰতিবাদো হব লাগিব ৷ অসমৰ প্ৰতিঘৰ মানুহে আজি প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুত চকুলো টুকিছে ৷ জনতাৰ শিল্পী গৰাকীৰ ৰসহ্যজনক মৃত্যুৱে সকলোৰে মনত সীমাহীন দুখে শোকে খুন্দিয়াই গৈছে ৷ গতিকে ইমানৰ পিছতো যদি আমি প্ৰকৃত অসমীয়া হওঁ, জুবিন গাৰ্গক যদি সচাঁকৈয়ে ভাল পাও তেন্তে হাত সাৱতি বহি থাকিলে নহব ৷ এই মৃত্যুৰ প্ৰকৃত ৰসহ্য নোলোৱালৈকে আমি কাকো শান্তিত থাকিব নিদিও ৷ ইয়াৰ বিচাৰ ক্ষীব্ৰতাৰে হব লাগিব ৷ শুৱালকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাত দিনৰ ভিতৰত এই কাৰ্যত জড়িতক কাৰায়ত্ব কৰি দৃস্টন্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ লগতে অসমৰ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজক মহান শিল্পী গৰাকীৰ ৰসহ্যজনক মৃত্যুৰ উচিত তদন্তৰ বাবে জাগ্ৰত হবলৈ সানুনয়ে আহ্বান জনালোঁ ৷ কাৰণ ইয়াৰ হৈ সকলো যুৱ প্ৰজন্মই মাত মাতিব লাগিব ৷ নহলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’প গৰাকীৰ মৃত আত্মাই কোনোদিনে শান্তি নাপাব বুলি উল্লখ কৰি সভাপতি বৰ্মণে ইয়াৰ তদন্ত চিবিআই ৰ জৰিয়তে কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *