জনসাধাৰণৰ ওপৰত ঋণৰ বোজা
এমাহত চৰকাৰে ললে চাৰিবাৰ ঋণ
পুনৰ ২৭ মে’ত ৫০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
ৰাজ্য চৰকাৰখনে ৬ মে’ত ৯০০কোটি, ১৩ মে’ত ৫০০কোটি আৰু ২০ মে’ত ৭০০কোটি ঋণ লোৱাৰ পাছত পুনৰ ৫০০ কোটি ঋণ লোৱাৰ বাবে সাজু হৈছে চৰকাৰ
গুৱাহাটীঃ
অবিস্বাস্য হলেও এয়াই বাস্তৱ সত্য।এটা মাহত এবাৰ-দুবাৰ নহয়,মুঠ চাৰিবাৰ। হয়, অসম চৰকাৰে এটা মাহৰ ভিতৰতে চতুৰ্থবাৰৰ বাবে ঋণ ল’বলৈ ওলাইছে। যোৱা ৬ মে’ত ৯০০ কোটি টকা, ১৩ মে’ত ৫০০ কোটি টকা আৰু ২০ মে’ত ৭০০ কোটি ঋণ লোৱাৰ পাছত এতিয়া পুনৰ ৰাজ্য চৰকাৰখনে ২৭ মে’ত ৫০০ কোটি ঋণ লোৱাৰ বাবে সাজু হৈছে । পাঁচ বছৰৰ বাবে গৰ্ভমেন্ট ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে এই ঋণ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে অসম চৰকাৰে ।
এই হিচাপত এটা মাহত লোৱা ঋণৰ পৰিমাণ হ’বগৈ ২৬০০ কোটি টকা । উল্লেখ্য যে দেশৰ মহাগাণনিকৰ প্ৰতিবেদনত ৰাজ্যৰ বিত্তীয় অৱস্থা পর্যবেক্ষণ কৰি ৰাজহুৱা ঋণৰ বৰ্ধিত বিকাশৰ হাৰ লাঘৱ কৰাৰ লগতে অপ্রয়োজনীয় ৰাজহ ব্যয় হ্ৰাসৰ জৰিয়তে ৰাজহুৱা ঋণৰ চাপ পৰিহাৰ কৰিবলৈ বাৰম্বাৰ সকীয়াই দি অহাৰ পাছতো ৰাজ্য চৰকাৰে কিন্তু ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই । বৰঞ্চ প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈহে আছে ।
এখনৰ পাছত আনখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এতিয়া প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাই প্ৰায় ১ লাখ ৫৮ কোটি হাজাৰ কোটি টকাৰো অধিক হৈছেগৈ । ৰাজ্যৰ বিৰোধী দলসমূহৰ লগতে বুদ্ধিজীৱীসকলে এনেদৰে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনক সমালোচনা কৰি আহিছে যদিও এইক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ।
ইফালে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক হিতাধিকাৰী আঁচনি ৰূপায়ণত মনোনিৱেশ কৰিছে । যাৰ বাবে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যখনৰ ঋণৰ বোজা । এনেদৰে ঋণ লোৱাৰ ফলত ৰাজ্যৰ ৰাজকোষৰ পৰা সুদৰ নামত বৃহৎ অংকৰ ধন প্ৰতিমাহে ওলাই গৈছে ।
যোৱা আঠ বছৰত ৰাজ্যখনে সুদৰ বাবত ভৰিবলগীয়া হৈছে প্ৰায় ৪২ হাজাৰ কোটি টকা । প্ৰতিবছৰে সুদৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত আনকি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰখনে ভৰিবলগীয়া হৈছিল সর্বাধিক ৮৮১৫ কোটি টকাৰ সুদ । ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো মুখ্যমন্ত্রীকে পিছ পেলাইছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । যাৰ ফলত এতিয়া ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।