২১ মাহৰ বিল অনাদায় !
মোকলাই দিয়াৰ দাবীত ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ
ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ
চাইন অন ডেস্ক:
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলে পাবলগীয়া ২১ মাহৰ বিল মোকলাই দিয়াৰ দাবীত বুধবাৰে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাই।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিব্ৰুগড় কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ঠিকাদাৰসকলে প্ৰাপ্য অধিকাৰ বিচাৰি তীব্ৰ প্ৰতিবাদ কৰে। বিগত প্ৰায় ২১ মাহ ধৰি জলজীৱন আঁচনিৰ বিল লাভ নকৰাত এতিয়া ঠিকাদাৰসকলৰ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বহু সময়ত জলজীৱন আঁচনিৰ বিল বিচাৰি ঠিকাদাৰসকলে প্ৰতিবাদ কৰি অহাৰ পাছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াক লৈ ঠিকাদাৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জলজীৱন আঁচনিৰ বিল ঠিকাদাৰসকলক মোকলাই নিদিয়া পৰ্যন্ত এছ অ’ পি ডি আঁচনিৰ অধীনত নতুন নিবিদা জাৰি নকৰিবলৈ আহ্বান জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক। জিএছটিৰ অনাদায় ধন মোকলাই দিয়াৰ উপৰি Security Depositৰ ধনৰাশি মোকলাই দিয়াৰো দাবী উত্থাপন কৰিছে।
একে সময়তে IMIS পুনৰ মুকলাই দিয়াৰ দাবী জনাইছে ঠিকাদাৰ সন্থাই। এই দুই ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্ত্ৰালৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।