...

নিজ বৈৰাগীমঠ বৰনামঘৰৰ উদ্যোগত আৰু বৃহত্তৰ বৈৰাগীমঠবাসীৰ সহযোগত

Spread the love

নিজ বৈৰাগীমঠ বৰনামঘৰৰ উদ্যোগত আৰু বৃহত্তৰ বৈৰাগীমঠবাসীৰ সহযোগত

অবিৰত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ আয়োজন

চাইন অন ডেস্ক:

 

 

আধ্যাত্মিকতাৰ জৰিয়তে সমাজৰ মিলা-প্ৰীতি, সমন্বয় আৰু ভাতৃত্ববোধৰ উদ্দেশ্য ডিব্ৰুগড়ৰ নিজ বৈৰাগীমঠ বৰনামঘৰৰ উদ্যোগত আৰু বৃহত্তৰ বৈৰাগীমঠবাসীৰ সহযোগত অবিৰত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।এই উপলক্ষে নীলোৎপল কোঁৱৰক সভাপতি গৌতম কলিতাক কাৰ্যকৰী সভাপতি আৰু ত্ৰিদীপ স্বগাৰ্ৰীক সম্পাদক হিচাপে লৈ আৰু কেইবাখনো উপ-সমিতি লৈ এখন বৃহৎ উদযাপন সমিতি গঠন কৰা হয়।অহা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব লগা ভাগৱত পাঠ অনুষ্ঠানত আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱ গোস্বামী আৰু শ্ৰী শ্ৰী ঘাৰমৰা সৰু সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিষ্ণু কৃষ্ণ দেৱগোস্বামী ভাগৱত পাঠৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থকা লগতে মূল পাঠাচাৰ্য হিচাপে দুলিয়াজানৰ বৰমেধি বিকাশ বৰগোহাঁই আৰু সহ পাঠাচাৰ্য হিচাপে শিৱসাগৰ পংকজ বুঢ়াগোহাঁই আৰু দ্বীজেন দত্ত আৰু ৰাজকুমাৰ বড়া, লখিমপুৰৰ মোহন তামুলী,ডিমৌৰ পলাশ বড়া আৰু দুলিয়াজানৰ জোনমণি চেতিয়া অংশগ্ৰহণ কৰিব। তদুপৰি সহ-পাঠেকী হিচাপে শুভজিৎ গগৈ, ডিম্বেশ্বৰ দত্ত,প্ৰৱীণ ভূঞা, প্ৰদীপ দত্ত,কৌশিক সন্দিকৈ আৰু বিশ্বজিৎ বৰাই অংশগ্ৰহণ কৰিব।কা‌যসূচী অনুসৰি ৩০ নৱেম্বৰত পুৱা ধৰ্মধ্বজা উত্তোলন কৰিব বৈৰাগীমঠ বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি বিশ্বজিৎ বৰাই। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ আৰু নাম-প্ৰসঙ্গ অনুষ্ঠিত হ’ব। আনহাতে ৪ ডিচেম্বৰত ভাগৱত পাঠৰ সামৰণি প্ৰসাদ বিতৰণৰ লগতে সন্ধিয়া বৃহত্তৰ বৈৰাগীমঠ যুৱ সমাজৰ দ্বাৰা গায়ন-বায়ন আৰু শিৱসাগৰ বিদ্যুৎ বিকাশ বৰা পৰিচালনাত শ্ৰী কৃষ্ণৰ দ্বাৰকা লীলা ভাওনা প্ৰদৰ্শন হ’ব। উক্ত অবিৰত ভাগৱত পাঠ আৰু ভাওনা উপভোগ তথা শ্ৰৱণৰ বাবে ডিব্ৰুগড় বাসী ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *