...

কমেডীয়ান কপিল শর্মাৰ কাফেলৈ অচিনাক্ত বন্দুকধাৰীৰ গুলীবর্ষণ

Spread the love

 

কমেডীয়ান কপিল শর্মাৰ কাফেলৈ অচিনাক্ত বন্দুকধাৰীৰ গুলীবর্ষণ

 

কানাডা(ছাৰে):

জনপ্রিয় কমেডিয়ান কপিল শৰ্মাই কানাডাৰ ছাৰেত অলপতে মুকলি কৰা কাফেখন অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। ছাৰেত কেপ’ছ কাফে থকা অট্টালিকাটোত কালি অচিনাক্ত বন্দুকধাৰীয়ে বিস্তৰ ক্ষতিসাধন কৰে।
তথ্য মতে, এখন কাৰত অহা বন্দুকধাৰীয়ে কাফে থকা অট্টালিকাটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰি নিৰ্বিঘ্নে আঁতৰি যায়। সৌভাগ্যবশত বন্দুকধাৰীয়ে আক্রমণ চলোৱাৰ সময়ত কোনো লোক তাত নাছিল।
জনপ্রিয় কমেডিয়ান কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টখনক লক্ষ্য কৰি কিয় বন্দুকধাৰীয়ে গুলীচালনা কৰিছে এই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা নাই যদিও প্রাৰম্ভিক ধাৰণা মতে কমেডিয়ান কপিল শর্মাক ভাবুকি দিবলৈ বন্দুকধাৰীয়ে এই কাণ্ড সংঘটিত কৰিছে।
কপিল শর্মাই শ্ব’ৰে অভাৱনীয় জনপ্রিয়তা লাভ কৰাই নহয় বিপুল পৰিমাণৰ ধন উপার্জন কৰা কমেডিয়ান গৰাকীৰ কাফেলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰাৰ আঁৰত ধন দাবীৰ পৰিকল্পনাও থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।
কাৰত থাকিয়েই কেইবাজাই গুলী নিক্ষেপ কৰি নিবিঘ্নে আঁতৰি যোৱা অচিনাক্ত বন্দুকধাৰী ভাৰতীয় মূলৰ কুখ্যাত গেংষ্টাৰৰ সদস্যও হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কিয়নো কানাডাত খালিস্তানীপন্থীৰ লগতে ভাৰতৰ কুখ্যাত গেংষ্টাৰৰ নেটৱৰ্ক চলি আছে। আৰক্ষীয়ে সন্দেহ কৰা মতে, খালিস্তানী সন্ত্রাসবাদী হৰজিৎ সিং লাড্ডী জড়িত থাকিব পাৰে। সন্ত্রাসবাদী সংগঠন বাবৰ খালছা ইন্টাৰনেচনেলৰ সৈতে জড়িত লাড্ডী ভাৰতৰ নিয়াৰ ম’ষ্ট ৱান্টেড সন্ত্রাসবাদী। কমেডিয়ান কপিল শর্মাৰ কাফেলৈ গুলীবর্ষণেৰে ভাবুকি দিয়া বুলিও আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *