...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমত আৰু ১০ খন সম-জিলাৰ সংযোজন

Spread the love

 

 

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমত আৰু ১০ খন সম-জিলাৰ সংযোজন

 

আৰক্ষী অধীক্ষকৰ বাবে ১০ টা নতুন পদ স্বৃষ্টি কৰাৰ বাবে মঞ্জুৰ

 

চাইন অন ডেস্ক:

সমাগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমত আৰু ১০ খন সম-জিলাৰ সংযোজন ঘটিব।এখন জিলাৰ দৰেই মৰ্যদাপ্ৰাপ্ত সম-জিলাত আয়ুক্তৰ লগতে থাকিব আৰক্ষী অধীক্ষক।

এই সন্দৰ্ভত ডিব্ৰুগড়ত কালি কেবিনেট সামৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় …… “অহা ১২ আগষ্টত আমাৰ ৰাজ্যত নতুন ১০ খন সম-জিলাৰ কাম আৰম্ভ হব।সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে অসম পুলিচৰ কাৰণে সম-জিলা আৰক্ষী অধীক্ষকৰ বাবে ১০ টা নতুন পদ স্বৃষ্টি কৰাৰ বাবে মঞ্জুৰ কৰে।

অহা ১২ আগষ্টত ১০ খন সম-জিলাৰ উদ্বোধন কৰা হব আৰু কোন কোন মন্ত্ৰীয়ে উদ্বোধন কৰিব তাৰো কেবিনেটে নিৰ্ধাৰণ কৰে।

সেইদৰে ছয়গাঁও সম-জিলাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পলাশবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঙাপৰাত মন্ত্ৰী পীয়ুজ হাজৰিকা, বৰচলাত মন্ত্ৰী অশোক সিংঘাল, মৰিয়নিত মন্ত্ৰী অজন্তা নেওগ, টিয়কত মন্ত্ৰী অতুল বৰা, মাকুমত মন্ত্ৰী বিমল বৰা, ডিগবৈত ৰুপেশ গোৱালা, ঢলাইত কৃষনেন্দু পাল আৰু দুধনৈত ৰঞ্জিত কুমাৰ দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *