মৰাণত ই এল এফ পৰিদৰ্শন মুখ্যমন্ত্ৰী শৰ্মাৰ
কেন্দ্ৰই অসমত এনেধৰণৰ আৰু দুটা প্ৰকল্পৰ অনুমোদন:মুখ্যমন্ত্ৰী শৰ্মা
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ মৰাণ বাইপাছত আগন্তুক ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ই এল এফ) পৰিদৰ্শন কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে নামনি আৰু মধ্য অসমত এনেধৰণৰ আৰু দুটা প্ৰকল্প কেন্দ্ৰই অনুমোদন জনাইছে।
২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতীয়নী গাঁৱত ই এল এফ দলৰ অগ্ৰগতি পৰ্যালোচনা কৰি সংবাদ মাধ্যমক সম্বোধন কৰি ড০ শৰ্মাই কয় যে খটখটিৰ প’লো ক্লাব আৰু তিলয়জানৰ মাজত ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ঘাইপথৰ ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুবিধা গঢ়ি তোলা হৈছে। প’লো ক্লাব আৰু ৰছিপথাৰৰ মাজৰ অংশটো উন্নত নিৰ্দিষ্টতা অনুসৰি নিৰ্মাণ কৰা হৈছে যাতে জৰুৰীকালীন অৱস্থাত ৰাফেল, তেজছ, এমআইজিৰ দৰে যুঁজাৰু বিমান অৱতৰণ কৰিব পৰা যায়।
তেওঁ জনোৱা মতে, সম্পূৰ্ণ হ’লে এই ষ্ট্ৰেচটো বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হেলিকপ্টাৰ অৱতৰণৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব, যাৰ ফলত ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি ব্যৱস্থা শক্তিশালী হ’ব। ভাৰতীয় বায়ুসেনাৰ সমন্বয়ত এন এইচ আই ডি চি এলৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমটো আৰু ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীয়ে লগতে পৰামৰ্শ দিয়ে যে এবাৰ কাৰ্যক্ষম হ’লে এই স্থানত ইয়াৰ সামৰ্থ্য প্ৰদৰ্শনৰ বাবে এয়াৰ শ্ব’ আয়োজন কৰিব পৰা যাব।তেওঁ আৰু কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমগ্ৰ অসমতে ৫০ৰ পৰা ১০০ কিলোমিটাৰৰ ব্যৱধানত অনুৰূপ ই এল এফ প্ৰকল্প গঢ়ি তোলাৰ বাবে আলোচনা চলি আছে, যাৰ ফলত সামৰিক প্ৰস্তুতি আৰু অসামৰিক বিমান পৰিবহণৰ আন্তঃগাঁথনি দুয়োটাকে বৃদ্ধি পাব।
ড০ শৰ্মাই প্ৰকাশ কৰে যে কেন্দ্ৰই ইতিমধ্যে এনে দুটা অতিৰিক্ত ই এল এফত অনুমোদন জনাইছে—এটা নামনি অসমৰ বৰ’মা আৰু টিহুৰ মাজত আৰু আনটো মধ্য অসমৰ হোজাই-লংকা আৰু লামডিঙৰ মাজত।
পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে শিক্ষামন্ত্ৰী ড০ ৰানোজ পেগু, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, তৰংগা গগৈ, আৰু সুসন্ত বৰগোহাঁই, এ টি ডি চিৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, আই এ এফ গ্ৰুপৰ অধিনায়ক আশীষ ধনখৰ, এন এইচ আই ডি চি এলৰ জেনেৰেল মেনেজাৰ ৰূপেশ কুমাৰ,কে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল।