মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড়ত এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব
চাইন অন ডেস্ক:
কাৰ্যসূচী এনেধৰণৰ..... ২৩/০৭/২০২৫ঃ 👉 পুৱা ১০ বজাত পৰা ডিব্ৰুগড়ৰ মাইজানস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত সোণাৰি বিধানসভা সমষ্টিৰ পৰ্যালোচনা।
👉 দিনৰ ১ বজাত নাওঁবৈচা বিধানসভা সমষ্টিৰ পৰ্যালোচনা।
👉 বিয়লি ৬ বজাত টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।
২৪/০৭/২০২৫
👉 ডিব্ৰুগড় বিশ্ববিদ্যালয়ত PM-USHA আচঁনি আৰু মুখ্যমন্ত্ৰী বিশেষ গ্ৰান্টৰ অধীনত দুটাকৈ প্ৰস্তাৱিত আন্তঃগাথঁনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
👉১২ বজাত AMCH ত প্ৰস্তাৱিত অধ্যাপকৰ আৱাসগৃহ আৰু ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰিব।
👉 বিয়লি ৩.০০ বজাত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহৰকটীয়া সম-জিলা আয়ুক্তৰ কাৰ্যালয়, নাহৰকটীয়া হকী ষ্টেডিয়াম, আই.টি.আই ত স্থাপন হ’বলগীয়া উৎকৰ্ষতা কেন্দ্ৰ, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুঁৱৰী গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামৰূপ-নাহৰকটীয়া পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব।
২৫/০৭/২০২৫
👉 পুৱা ১০ বজাত মুখ্যমন্ত্ৰীৰ সচিবালয়ত মুখ্য সচিব/ অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়, মন্ত্ৰীসকলৰ কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব।
👉১১ বজাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।