ডিব্ৰুগড়ত শিশু শ্ৰমিক উদ্ধাৰ
ঠিকাদাৰৰ বিৰুদ্ধে এজাহাৰ
চাইন অন ডেস্ক:
অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্ট (ACRD)-ৰ নেতৃত্বত আৰু ডিব্ৰুগড় জিলা শিশুশ্ৰমিক টাস্ক ফ’ৰ্ছৰ সহযোগত এক বিশেষ অভিযানত জিলাখনৰ বিভিন্ন ঠাইৰ চাৰি গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা শিশুকেইটা বিভিন্ন কামত নিউজিত হৈ আছিল আৰু অধিকাংশই চাহ বাগিছাৰ শিশু।উদ্ধাৰ কৰা শিশুকেইটা বয়স ১১ ৰ পৰা ১৫ বছৰৰ হব আৰু তেওঁলোকে ঘৰুৱা পৰিবেশৰ আৰু বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰি এইদৰে শিশু শ্ৰমিক হিচাপে বিভিন্ন কাম কৰিবলৈ বাধ্য হৈছিল।
অসম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ বিশেষ ভূমিকা আৰু স্থানীয় একাংশ সচেতন লোকৰ সহযোগিতাৰ বাবে এই শিশু শ্ৰমিকক চিনাক্ত কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয আৰু শিশু সুৰক্ষা বিভাগ আৰু চাইল্ড লাইনৰ হাতত শিশু কেইজনক গতাই দিয়ে। শিশুকেইটাক স্বাস্থ্য পৰীক্ষা কৰা লগতে সকলো ধৰণৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব বুলি এচিআৰডি জিলা সমন্বয়ক নিভা দুৱৰাই জনাইছে।
অসমত শিশু শ্ৰমক সম্পূৰ্ণৰূপে শেষ কৰা আৰু প্ৰতিটো শিশুক শিক্ষা আৰু নিৰাপত্তাৰ অধিকাৰ দিয়া লক্ষ্যৰে এনে অভিযান অব্যাহত থাকিব বুলিও বিষয়া গৰাকীয়ে অৱগত কৰে। শিশু শ্ৰমিক উদ্ধাৰৰ এই অভিযানত চাইল্ড লাইন, জিলা শিক্ষা বিভাগ,আৰক্ষী আৰু চাইল্ড ৱেলফেয়াৰ কমিটিৰ যৌথ উদ্যোগত এই শিশুশ্ৰমৰ বিৰুদ্ধে নিজৰ দায়িত্ব পালন কৰি আছে আৰু ইয়াৰ জৰিয়তে
অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্টে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ ৰাজ্যত শিশুশ্ৰমৰ বিৰূদ্ধে সজাগতা আৰু বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে আৰু সকলোৰে সহযোগিতা কামনা কৰিছে।
Source : Internet