চাবুৱাৰ মায়ামৰা বগৰীতলীয়া বালিজান চাইডিঙ সত্ৰত শৰণ
চাইন অন ডেস্ক:

চাবুৱাৰ মায়ামৰা বগৰীতলীয়া বালিজান চাইডিঙস্থিত সত্ৰত শৰণ ২৪ গৰাকী পুৰুষ আৰু মহিলা ২৬ গৰাকীয়ে আজি শৰণ লয়। মায়ামৰা ধৰ্মীয় ৰীতি-নীতিৰে বগৰতলীয়া গাঁৱৰ ৰাজহুৱা নামঘৰত সমূহীয়াভাৱে এই গ্ৰহণ কৰে। সত্ৰাধিকাৰ উৎসৱানন্দ গোস্বামীৰ তত্বাৱধানত ভক্ত সকলে আজিৰে পৰা গুৰুৰ ওচৰত নিজকে আধ্যাত্মিকভাৱে অৰ্পণ কৰে। এই পৰম্পৰা আনাদি কালৰে পৰা চলি আহিছে আৰু আজিও একেদৰে এই সকলৰ ভক্তৰ মাজত এনে পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে।
