...

চাবুৱা–লাহোৱাল সমষ্টিৰ অন্তৰ্গত দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন

Spread the love

চাবুৱা–লাহোৱাল সমষ্টিৰ অন্তৰ্গত দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন

জিলাৰ ৫ টা ভোটগ্ৰহণ কেন্দ্ৰ চৰ-চাপৰি অঞ্চলত

চাইন অন ডেস্ক:

সমাগত অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত আজি চাবুৱা–লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত দধীয়া মধ্য ইংৰাজী বিদ্যালয় সাধাৰণ পৰ্যবেক্ষক টি.এন. ভেংকটেশ, আৰক্ষী পৰ্যবেক্ষক ৰাজেন্দ্ৰ কুমাৰ মিনা আৰু ব্যয় পৰ্যবেক্ষকদ্বয় ক্ৰমে পৃথ্বীৰাজ আৰু আদৰ্শ তিৱাৰীয়ে পৰিদৰ্শন কৰে।
ভ্ৰমণকালত পৰ্যবেক্ষকৰ দলটোৱে জিলাখনৰ দুৰ্গম চৰ-চাপৰি অঞ্চলত অৱস্থিত ১৬৯, ১৭০ আৰু ১৭১ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে। দলটোৱে এই দুৰ্গম অঞ্চলসমূহৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় আৰু ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰিবলৈ কৰা ব্যৱস্থাসমূহ পৰ্যবেক্ষণ কৰে।
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ মুঠ ১,৩২২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্ৰ চৰ-চাপৰি অঞ্চলত অৱস্থিত। এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাবে নিৰ্বাচনী বিষয়াসকলে ব্ৰহ্মপুত্ৰ নদীৰে যাতায়ত কৰিব লাগিব যাতে ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ থকা গাঁওসমূহৰ ভোটাৰসকলে কোনো অসুবিধা নোহোৱাকৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে।উক্ত পৰিদৰ্শনকালত পৰ্যবেক্ষকসকলে নিৰ্বাচনী বিষয়াসকলৰ সৈতে মতবিনিময় কৰে আৰু নিৰ্বাচনী দলসমূহৰ সময়মতে যাতায়ত, পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিশ্চিত নূন্যতম সা-সুবিধাৰ উপলব্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে নদী কাষৰীয়া অঞ্চলসমূহত নিৰ্বাচনী দল আৰু নিৰ্বাচনী সামগ্ৰীৰ সুৰক্ষিত আহ-যাহৰ বাবে সকলো বিভাগৰ মাজত সঠিক সমন্বয় ৰক্ষা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।এই পৰিদৰ্শনকালত অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱা, সহকাৰী আয়ুক্ত সুৰভি শ্ৰীবাস্তৱ আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *