ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱৰ উদযাপন সমিতি গঠন
চাইন অন ডেস্ক:
সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ উদ্যোগত ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’ব লগা” কেন্দ্ৰীয় ৰঙালী উৎসৱ – ২০২৬ ‘ৰ উদযাপন সমিতি গঠন।হোটেল গাৰ্ডেন ট্ৰিট এই উপলক্ষে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি প্ৰিয় প্ৰতিম সোনোৱালৰ সভাপতিত্বত তথা সাধাৰণ সম্পাদক ছান্দম সোনোৱালে আত ধৰা সভাত ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জিতু বৰগোহাঁই, ডিব্ৰুগড় চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৃদয় চৌধুৰী, ডিব্ৰুগড় আৰ কে অধ্যক্ষ বিকাশ গগৈ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই,বিশিষ্ট সমাজকৰ্মী উদ্যোগপতি 
প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি তথা গণ্যমান্য লোকৰউপস্থিতত এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। বিকাশ গগৈক সভাপতি আৰু সুৰজ দত্তক কাৰ্যকৰী সভাপতি,ৰাতুল বুঢ়াগোহাঁই,খগেন দত্ত আৰু বিজয় পাণ্ডেক উপ-সভাপতি, অনুজ শইকীয়াক মুখ্য সম্পাদক আৰু ঋতুৰাজ মিলি, মনুজ বুঢ়াগোহাঁই,তনুজ হালৈ, পাপু শইকীয়া, মৃতুঞ্জয় বৰুৱাক সম্পাদক আৰু ৰাজা গগৈক সাংস্কৃতিক বিভাগৰ সভাপতি আৰু অসীম বৰুৱাক সাংস্কৃতিক সম্পাদক আৰু অনুপম শইকীয়াক বিহু উপলক্ষে প্ৰকাশিত হ’ব লগা