...

নগৰবেৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান

Spread the love

নগৰবেৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান

আটক দুই সৰবৰাহকাৰী
চাইন অন ডেস্ক:

কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে যোৱা নিশা ড্ৰাগছ ৰ বিৰুদ্ধে এক অভিযান চলাই দুজনকৈ সৰবৰাহকাৰী আটক কৰাৰ লগতে ১১টাকৈ কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।
নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই নগৰবেৰাৰ জলজলী নদীৰ ঘাটৰ পৰা গোৱালপাৰাৰ শিমলীতোলাৰ ছফিউৰ ৰহমান আৰু আহেৰ আলী নামৰ দুজনক আটক কৰে।আৰক্ষীয়ে যুৱক দুজনৰ পৰা ১১টাকৈ নিষিদ্ধ কফ চিৰাপৰ বটলৰ লগতে এএছ ০১বি আৰ ৯৫১৫নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে। জানিব পৰা মতে ধৃত যুৱক দুজনে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত টুপামাৰীৰ পৰা উক্ত নিষিদ্ধ কফ চিৰাপৰ বটল সমূহ লৈ মটৰ চাইকেলেৰে শিমলীতোলালৈ গৈ আছিল।
নগৰবেৰা আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এনে অভিযানক ৰাইজে ভূয়সী প্ৰশংশা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *