দুধনৈত নৃশংস হত্যাকাণ্ড!
সমবায় সমিতিৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত
চাইন অন ডেস্ক:

দুধনৈ দৈনিক বজাৰত থকা সমবায় সমিতি কাৰ্যালয়ৰ সন্মুখত এটা পুৰুষৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত মৃতদেহটো প্ৰত্যক্ষ কৰে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৃতদেহটো বহু দূৰৰ পৰা চোঁচৰাই আনি দোকানৰ সন্মুখত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, নিহত ব্যক্তিগৰাকী দুধনৈ নদীৰ পাৰত বসবাস কৰা বাটচু ৰাহা বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে দুধনৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।