...

*বৰক’লাৰ হাৰিয়াপাৰৰ শুকতি পোতা বিলৰ পাৰৰ মুকলি পথাৰত গ্ৰন্থ উন্মোচন*

Spread the love

*বৰক’লাৰ হাৰিয়াপাৰৰ শুকতি পোতা বিলৰ পাৰৰ মুকলি পথাৰত গ্ৰন্থ উন্মোচন*

বৰক’লাৰ পৰা ঋতু পৰ্ণ শৰ্মা,

নগাঁও জিলাৰ বৰক’লাৰ হাৰিয়াপাৰৰ শুকতি পোতা বিলৰ পাৰত মুকলি পথাৰৰ প্ৰাকৃতিক পৰিৱেশত বৰক’লা আদৰ্শ লালুং গাঁৱৰ তিৱা জনগোষ্ঠীৰ লোকে মাঘ মাহৰ প্ৰথমটো দেওবাৰে ভোগালীৰ এসাঁজ প্ৰীতিভোজ অনুষ্ঠিত কৰে। বৰক’লাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়,সম্প্ৰীতি গঢ়ি তোলা বৰক’লা গাঁৱৰ প্ৰীতিভোজ স্থলীতে উদীয়মান লেখক বিশ্বজিৎ বৰদলৈৰ “ভাগৱত কি ?” নামৰ গ্ৰন্থখনি শুভ উন্মোচন কৰা হয়। এই উপলক্ষে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত “ভাগৱত কি?” গ্ৰন্থখনৰ উন্মোচন কৰে কামপুৰ সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথ আৰু মনচুন কলা পৰিষদ শাখা সাহিত্য সভাৰ সভাপতি ক্ষিতীশ দাসে। গ্ৰন্থ উন্মোচকদ্বয়ে কয় যে ‘ভাগৱত কি’ গ্ৰন্থখনে আধ্যাত্মিক চেতনাৰ খোৰাক দিয়াৰ লগতে পথভ্ৰষ্ট সমাজক দিশ প্ৰদান কৰাত সহায়ক হ’ব। জ্ঞানী জচবীৰ সিঙে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি প্ৰতাপ সিঙে ভাষণত কয় যে গাঁৱেই হ’ল সংস্কৃতিৰ ধ্বজাবাহক। গাঁৱৰ কেঁচা মাটিৰ গোন্ধতেই প্ৰকৃত আনন্দ বিচাৰি পোৱা যায়। তেওঁ লগতে উল্লেখ কৰে যে আধুনিক সময়ত দ্ৰুত পৰিবৰ্তনৰ সময়তো গ্ৰন্থৰ চাহিদা অটুত আছে আৰু আগলৈকো থাকিব। সমাজকৰ্মী স্বৰূপানন্দ বৰদলৈ আৰু নন্দেশ্বৰ ডেকা ৰজাই আঁতধৰা গ্ৰন্থ উন্মোচনী সভাখনিত তিৱা সাহিত্য সভাৰ নগাঁও জিলাৰ সভাপতি বীৰেণ লালুং,তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং,তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত কোঁৱৰ আৰু জ্ঞানী যছবীৰ সিং,অধ্যাপিকা পূৰৱী বৰদলৈয়ে বিশ্বজিৎ বৰদলৈৰ গ্ৰন্থ সম্পৰ্কে ভাষণ প্ৰদান কৰে।গাম্ভীৰ্যপূৰ্ণ সভাখনিত বৰ্ষীয়ান কবি কমল ডেকা ৰজা,অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ নগাওঁ জিলাৰ অধ্যক্ষ নৰেন দাস,পাখিমৰীয়া-জামুগুৰি জিলা পৰিষদৰ সদস্য অৰ্ণৱ দাস,নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি সঞ্জয় কাকতি,সমাজকৰ্মী মহেন্দ্ৰ নাথ, দক্ষিণপাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি যুগ প্ৰসাদ বৰদলৈ,খগেন বৰদলৈ,দক্ষিণ জাগীয়াল গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী গীতাৰাণি দাস,কন্ঠশিল্পী স্বৰাজ দাস,কোষেশ্বৰ দাস,ৰাজীৱ বৰাকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে,গ্ৰন্থ উন্মোচনৰ পিছতে ভোগালী বিহু উপলক্ষে বিলৰ পাৰত সমূহীয়া প্ৰীতি ভোজত সকলোৱেই অংশ লয়। নিশালৈ অৰূপ ডেকাৰ পৰিচালনাৰে সামাজিক নাটক “ৰণাংগণৰ ৰূপহী” মঞ্চস্থ হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *