...

ডিব্ৰুগড়ত বুৰজ্ঞীবিদ প্ৰয়াত চাওডাঙ্ নগেন কুমাৰ বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৰণিকা উন্মোচনী সভা সম্পন্ন

Spread the love

 

ডিব্ৰুগড়ত বুৰজ্ঞীবিদ প্ৰয়াত চাওডাঙ্ নগেন কুমাৰ বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৰণিকা উন্মোচনী সভা সম্পন্ন

 

চাইন অন ডেস্ক: 

বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীৰ একান্ত সাধক ঐতিহ্যমণ্ডিত বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একালৰ অধ্যক্ষ, বিভিন্ন সামাজিক, শৈক্ষিক অনুষ্ঠানৰ প্ৰতিষ্ঠাপক 
চাওডাঙ্ নগেন কুমাৰ বৰুৱাৰ স্মৃতিচাৰন সভা প্ৰয়াত বৰুৱাৰ নিজা বাসগৃহ দুৱৰাচুক ৰূপনগৰ পাইন পথত অনুষ্ঠিত হৈ যায়। আদ্যশ্ৰাদ্ধ উপলক্ষত দুৱৰাচুক- ৰূপনগৰ-চেতিয়াচুক বাসী 
ৰাইজৰ উদ্যোগত চাওডাঙ্ নগেন কুমাৰ বৰুৱাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসহ স্মৰণিকা উন্মোচনৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে 
বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী ফুকনে। স্মৰণিকা উন্মোচনৰ প্ৰাকক্ষণত স্মৰণিকাখনিৰ সম্পাদক উত্তম কুমাৰ বৰুৱাই প্ৰকাশিত পুস্তিকাখনিৰ 
সন্দৰ্ভত এক চমু বক্তব্য দাঙি ধৰে। পৰৱৰ্তী পৰ্য্যায়ত বিশিষ্ট শিক্ষাবিদ, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়াই স্মৰণিকাখনি উন্মোচন কৰি তেখেতৰ সৃষ্টি আৰু কৰ্মৰাজি 
ওপৰত বহুলভাৱে বক্তব্য দাঙি ধৰে। সভাখনিত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম জ্যেষ্ঠ নাগৰিক সন্মিলন বৰবৰুৱা শাখাৰ 
সভাপতি তথা মৃতকৰ একালৰ ছাত্ৰ নোমল চন্দ্ৰ গগৈ, স্থানীয় দুৱৰাচুক ৰূপনগৰ চেতিয়াচুক প্ৰগতি সংঘৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক দিব্য জ্যোতি মহন, সুদূৰ বৰপেটাৰ নিবাসী,
সমাজ সেৱক সঞ্জীৱ কুমাৰ দাসে। অনুষ্ঠানটি আঁত ধৰে কৃপাল ফুকনে।

Leave a Reply

Your email address will not be published. Required fields are marked *