...

আমিৰা বিল মিচিমিআটীৰ জল উত্তোলন আঁচনি বিকল

Spread the love

 

আমিৰা বিল মিচিমিআটীৰ জল উত্তোলন আঁচনি বিকল

 

হাহাকাৰ সহস্ৰাধিক কৃষক
কৃষি মন্ত্ৰী অতুল বৰাক স্মাৰক প্ৰদান

 

মহুৰামুখ:

বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজা দুর্গতিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত নামটেমেৰাত এটা পানী যোগান আঁচনি বিভাগীয় কৰ্তৃপক্ষই বিকল ঘোষণা কৰাৰ পাছত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। উল্লেখযোগ্য যে বানে গৰকা নামটেমেৰা গাঁৱৰ উত্তৰাংশত অৱস্থিত বোকাখাত জলসিঞ্চন
সংমণ্ডলৰ অধীনৰ আৰিমৰা বিল মিচিমিআটীৰ এলেকা জলসিঞ্চন আঁচনিখন ১৯৯১ চনতে প্রতিষ্ঠা হোৱা। আঁচনিখনৰপৰা প্ৰায় হেজাৰৰো অধিক কৃষক পৰিয়াল উপকৃত হৈ আছিল। আঁচনিখন ২০১৩ চনলৈকে কার্যক্ষম হৈ আছিল যদিও ২০২৪ চনৰপৰা আঁচনিখনপৰা পর্যাপ্ত সুবিধা পোৱা নাই ৰাইজে। আঁচনিখনৰ ট্রেঞ্চফৰ্মাৰপৰা কৃষকসকলে বিদ্যুৎ সংযোগ কৰি নিজৰ পানী মটৰ ব্যৱহাৰ কৰি অতি কম খৰচত বৰোধানৰ খেতি কৰি আহিছিল। অতি দুখৰ বিষয় যে আঁচনিখন দুমাহৰ আগত সংমণ্ডলৰ বিষয়াই বিকল ঘোষণা কৰাৰ পাছৰেপৰা কৃষকসকলে বিদ্যুৎ সংযোগ কৰিব নোৱৰাত দুখত ভাগি পৰিছে। কৃষক ৰাইজে বিভাগীয় কর্তৃপক্ষক কি কাৰণত উক্ত আঁচনিখন বিকল হৈ পৰিল তাৰ কাৰণ জানিব বিচৰাত বিভাগীয় কর্তৃপক্ষৰপৰা কোনো সঠিক উত্তৰ নোপোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। কিয়নো আগন্তুক বৰোধানৰ খেতি সমাগত। বানপানী বাবে শালিধানৰ পৰিৱৰ্তে বৰো ধানৰ খেতি কৰি বছৰৰ ভাতমুঠি যোগাৰ কৰে তেনেস্থলত বিভাগীয় হঠকাৰী সিদ্ধান্তৰ বাবে ৰাইজে মূৰে কপালে হাত দিছে। নামটেমেৰা যুৱক সংঘ, জ্যোতি ক্লাব, অংকুৰ ক্লাব, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জনকল্যাণ প্রাথমিক শাখা, কলিয়া কৃষ্ণ প্রাথমিক শাখা আৰু কেৱলীয়া বুঢ়া নামঘৰ আৰু ৰাইজে স্থানীয় বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰাক কাতৰ অনুৰোধ জনাইছে পুনৰ আঁচনিখন কার্যক্ষম কৰি কৃষকসকলক উপকৃত কৰিবলৈ।
ইপিনে আজি ৰঙাগড়াত দুসুঁতিমুখ গাঁও পঞ্চায়তৰ সভানেত্ৰী সুকন্যা লইঙৰ নেতৃত্ব নামটেমেৰা গাঁৱৰ এটা সজাতি দলে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাক পানীযোগান আঁচনিটো পুনৰ কার্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *