...
Spread the love

১১ দিনৰ পাছত ইন্দোৰৰ নৱবিবাহিত ৰাজা ৰঘুবংশীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

শ্বিলঙৰ চ’হৰাৰ ৱেইছাৱডং জলপ্ৰপাতৰ সমীপৰ এটা গহ্বৰত উদ্ধাৰ

পত্নী সোণমৰ জেকেট উদ্ধাৰ,সন্ধান নাই সোণমৰ !

 

চাইন অন ডেস্কঃ

হনিমুনৰ বাবে সুদূৰ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ আহি
নিৰুদ্দেশ হোৱাৰ ১১ দিনৰ পাছত ইন্দোৰৰ নৱবিবাহিত ৰাজা ৰঘুবংশীৰ উৱলি যোৱা মৃতদেহ শ্বিলঙৰ চ’হৰাৰ ৱেইছাৱডং জলপ্ৰপাতৰ সমীপৰ এটা গহ্বৰত উদ্ধাৰ হৈছিল। সেই অঞ্চল ভ্ৰমণৰ সময়ত পত্নী সোণমৰ সৈতে নিৰুদ্দেশ হৈছিল ৰাজা।
আৰক্ষীৰ তদন্তত এটা চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে আৰু নিশ্চিত হৈছে যে ৰাজাক এখন চোকা নতুন “দা”ৰে ঘপিয়াই এক প্ৰকাৰৰ নিৰ্মমভাৱে হত্যা কৰা হৈছিল।হত্যাত ব্যৱহৃত অস্ত্ৰ বুলি অনুমান কৰা নতুন দাখনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।অপৰাধীৰ সন্ধান অব্যাহত আছে আৰু আনহাতেদি আজি পত্নী সোণমে পৰিধান কৰা জেকেট উদ্ধাৰ কৰা হয়,যদিও সোণমৰ কোনো সম্ভেদ লাভ কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *