নগাঁৱৰ কঠিয়াতলীত উপস্থিত দৃষ্টিহীন বিশ্বকাপ টি-২০ জয়ী চিমু দাস,উষ্ম আদৰণি
নগাঁও

ৰবিবাৰে নগাঁও জিলাৰৰ কঠিয়াতলীৰ স্ব-গৃহত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সাফল্য কঢ়িয়াই অনা অসম কন্যা চিমু দাস। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত দৃষ্টিহীন মহিলা বিশ্বকাপ টি-২০ ত ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈ জয়ী হোৱাত সমগ্ৰ ভাৰতৰ লগতে কঠিয়াতলী বাসী ৰাইজ উৎফুল্লিত হৈ পৰে।চিমুক ৰবিবাৰে কঠিয়াতলীৰ মাজ মজিয়াৰ পৰা স্বগৃহলৈকে আগবঢ়াই অনাৰ লগতে নিজ ঘৰত উষ্ম আদৰণি জনায়। দৃষ্টিহীন মহিলা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যোগ্যতা অৰ্জন কৰাৰ পূৰ্বে নেপালত ৰাজস্থান দলৰ হৈ খেলি চিমুয়ে “মেন অৱ দা ছিৰিজ” আৰু “মেন অফ দা মেচ” খিতাপ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। এই সাফল্যৰ পাছতে চিমুয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যোগ্যতা অৰ্জন কৰি ইংলেণ্ডত খেলিবলৈ যায়। ইয়াৰ পিছতে এইবছৰ শ্ৰীলংকাৰ কলম্বোত অনুস্থিত হোৱা দৃষ্টিহীন মহিলা বিশ্বকাপ টি-২০ ক্ৰিকেটত নেপালক পৰাস্ত কৰি বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল চিমু দাস। স্ব-গৃহত চিমু দাস উপস্থিত এনিশা মাতৃৰ সতে কটায় পুনৰ সোমবাৰে বাংগালোৰ অভিমুখে ৰাওনা হয়। স্ব-গৃহত চিমু দাস উপস্থিত হোৱাৰ পিছত কঠিয়াতলী প্ৰেছ ক্লাব,তিৱা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে,ইতিমধ্যে চিমুৰ লগতে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসাৰে উপচাই পেলাইছে ।
