...

বৰবৰুৱাৰ লেপেটকটাত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

Spread the love

বৰবৰুৱাৰ লেপেটকটাত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

খোৱাং সমষ্টিৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ভাষণ মুখ্যমন্ত্ৰীৰ

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ লেপেটকটা চাহ খেলপথাৰত অনুষ্ঠিত নৱগঠিত খোৱাং সমষ্টিৰ বি জে পি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খোৱাং সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ লুৰীণজ্যোতি গগৈক কটাক্ষ কৰি আৰম্ভ কৰা নিৰ্বাচনী প্ৰচাৰ সভাত লুৰীণজ্যোতি গগৈক গান্ধী পৰিয়ালৰ প্ৰয়োজন, লুৰিণজ্যোতিয়ে ২৫ হাজাৰো চাকৰি দিব পাৰিবনে বুলি কটাক্ষ কৰা পৰিলক্ষিত হয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিগত ২০২১চনত নাহৰকটীয়াক ডাইভৰ্চ দিছিল, এইবাৰ খোৱাং সমষ্টিকো ডাযইভৰ্চ দিব লাগিব, কিন্তু খোৱাং সমষ্টিৰ বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ আকৌ জয়ী হ’ব, খোৱাং সমষ্টিৰ ৰাইজে চক্ৰধৰ গগৈক আগন্তুক নিৰ্বাচনত জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। আনহাতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মুখ্য মন্ত্ৰী ডঃ শৰ্মাই কয় যে কংগ্ৰেছে ৰাইজক লুঙী, ধূতি, কম্বল দিছিল, আমি অসমৰ ৰাইজৰ বাবে উন্নয়ন কৰিছোঁ, মহিলাৰ বাবে উদ্যমিতা, অৰুণোদয়কে ধৰি নিযুত মইনা, বাবু, স্বচ্ছ নিকা নিযুক্তি দিছো, এটকাও নোলোৱাকৈ প্ৰায় একলাখ চাকৰি দিছোঁ ভৱিষ্যতে ভগৱানৰ আৰ্শীবাদ হ’লে পোন্ধৰ লাখ চাকৰি দিম তাৰ ভিতৰত ৭৫ হাজাৰ শিক্ষকৰ চাকৰি দিম , ১লাখ নাৰ্চৰ চাকৰি, চাহ শ্ৰমিক দৈনিক মজুৰি পাছশ টকাকৈ দিম বুলি নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে দুই লাখ লৰা ছোৱালীক চাকৰি দিম বুলি প্ৰকাশ কৰি মুখ্য মন্ত্ৰী ডঃ শৰ্মাই কয় যে চাকৰি পালে বিয়াও পাতিব পাৰিব বুলি ব্যঙ্গৰূপত বক্তব্য আগবঢ়ায়।আনকি আগন্তুক নিৰ্বাচনত খোৱাং সমষ্টিৰ পৰা চক্ৰধৰ গগৈয়ে প্ৰায় চল্লিশ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ উপৰিও নৱগঠিত খোৱাং সমষ্টিৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে দুশ টকা, অতি শীঘ্ৰেই বুঢ়ীদিহিং নদীৰ ওপৰত চেচুঘাটৰ দলং সম্পূৰ্ণ কৰা, দহ হেজাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয়, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি দহ হাজাৰ যুৱক যুৱতীকলৈ অনুদান, খোৱাং সমষ্টিত কলা, বাণিজ্যি আৰু বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ সভাত সামৰণি বক্তব্যত খোৱাং সমষ্টিৰ বি জে পি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ গগৈক আগন্তুক নিৰ্বাচনত ভোটদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। অনুষ্ঠানত মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰা, খোৱাং সমষ্টিৰ বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জ্যেষ্ঠ বি জে পি নেতা অশোক উৰাং, বি জে পি বৰবৰুৱা মণ্ডলৰ সভাপতি সীমান্ত গগৈ প্ৰমুখ্যে নেতৃস্থানীয় লোক সকল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *