...

মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ হেট্ৰিকৰ লক্ষ্য!

Spread the love

মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ হেট্ৰিকৰ লক্ষ্য!

ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ মাজত ৰাইজৰ দলৰ প্ৰক্ষেপৰাহুল চেত্ৰীক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম কাণ্ডাৰী চেত্ৰী

চাইন অন ডেস্ক:

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত অহা ৯ এপ্ৰিলত এক ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ’বলৈ গৈ আছে। ঐতিহাসিকভাৱে ৰাজনৈতিক হেভিৱেইটসকলৰ যুদ্ধক্ষেত্ৰ হিচাপে পৰিচিত এই আসনখনত শাসনাধিষ্ঠিত বিজেপি, ৰাইজৰ দল আৰু ঝাৰখণ্ড মুক্তি মৰ্চাই (জেএমএম) প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। নিৰ্বাচনী যুঁজত মাত্ৰ তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে— বিজেপিৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা, ৰাইজৰ দলৰ ৰাহুল চেত্ৰী আৰু জেএমএমৰ গাৰ্নেল মিঞ্জ আছে যদিও মূল প্ৰতিদ্বন্দ্বিতা শৰ্মা আৰু চেত্ৰীৰ মাজত পোনপটীয়া হ’ব বুলি ধাৰণা কৰা হৈছে।

৫৭ বছৰীয়া ভাস্কৰ শৰ্মাই ২০১৬ আৰু ২০২১ দুয়োবাৰেই মাৰ্ঘেৰিটা আসনখনত জয়লাভ কৰাৰ পিছত এতিয়া ঐতিহাসিক হেট্ৰিকৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০১৬ চনত তেওঁ মাৰ্ঘেৰিটাৰ পৰা জয়ী হোৱা প্ৰথমজন বিজেপি প্ৰাৰ্থী হিচাপে ইতিহাস ৰচনা কৰিছিল। সেইবাৰ তেওঁ কংগ্ৰেছৰ হেভিৱেইট তথা তদানীন্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈক ২২,৭৪৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। ২০২১ চনতো তেওঁ সেই একেই সফলতাৰ পুনৰাবৃত্তি কৰি কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইক ৫৮,৫০০ টা ভোটৰ বৃহৎ ব্যৱধানত ধৰাশায়ী কৰিছিল।

“মাৰ্ঘেৰিটাৰ ৰাইজে মোক একেৰাহে দুবাৰকৈ জনাদেশ দিছে আৰু মই আশাবাদী যে তেওঁলোকে মোক পুনৰ আশীৰ্বাদ দিব। তৃণমূল পৰ্যায়ত মই কৰা কামবোৰেই ইয়াৰ প্ৰমাণ,” শৰ্মাই কয়। উল্লেখ্য যে শৰ্মা গোৰ্খা সম্প্ৰদায়ৰ লোক— যিটো এই সমষ্টিটোৰ এক গুৰুত্বপূৰ্ণ ভোটাৰ গোট।

আনহাতে, ৰাইজৰ দলৰ পৰা তেওঁৰ প্ৰত্যাহ্বানকাৰী ৩০ বছৰীয়া ৰাহুল চেত্ৰীও গোৰ্খা সম্প্ৰদায়ৰে লোক, যিয়ে এই নিৰ্বাচনী যুঁজখনত এক সুকীয়া সামাজিক মাত্ৰা প্ৰদান কৰিছে। অৱশ্যে, চেত্ৰীৰ প্ৰাৰ্থিত্বক লৈ এক গুৰুতৰ বিতৰ্কই ছাঁ পেলাইছে। ২০২২ চনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কুখ্যাত ৰেগিং কাণ্ডৰ তেওঁ আছিল মুখ্য অভিযুক্ত। যিটো ঘটনাত এম.কম প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক চেত্ৰীয়ে কেইবাদিনো ধৰি পলাতক হৈ থকাৰ পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। বৰ্তমান তেওঁ জামিনত মুক্ত হৈ আছে।এনেবিলাক কাৰকেও নিৰ্বাচনত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ অৱকাশ নথকা নহয়।

“এনেধৰণৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ অভিযুক্ত এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটোৱে ৰাজনৈতিক দায়বদ্ধতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে,” এজন স্থানীয় বাসিন্দাই কয়।

ৰেগিং কাণ্ডই মাৰ্ঘেৰিটাত চেত্ৰীৰ নিৰ্বাচনী সম্ভাৱনাত প্ৰভাৱ পেলাব নে নাই সেয়া লক্ষণীয় হ’ব।

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, যদিও শৰ্মাৰ বিৰুদ্ধে কোনো দৃশ্যমান বিৰোধী ঢৌ নাই, তথাপিও কিছুমান স্থানীয় সমস্যাই নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে। মাৰ্ঘেৰিটা কয়লা বলয়ত চলি থকা অবৈধ ৰেট-হ’ল মাইনিং (Rat-hole mining), জৰাজীৰ্ণ পথ আৰু গ্ৰাম্য অঞ্চলত থকা বাঁহৰ দলং আদি সমস্যাবোৰ আজিও সমাধান হোৱা নাই। ইয়াৰ উপৰিও বুঢ়ীদিহিং আৰু টিৰাপ নদীৰ গৰাখহনীয়াও এক অন্যতম চিন্তৰ বিষয়।

১৯৭৮ চনৰ পৰা মাৰ্ঘেৰিটাত নবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ১৯৭৮ চনত জনতা পাৰ্টিৰ হৈ কুল বাহাদুৰ চেত্ৰীয়ে প্ৰথমবাৰ জয়লাভ কৰিছিল, পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছলৈ গৈ ১৯৮৩, ১৯৮৫ আৰু ১৯৯১ চনত জয়ী হয়। ইয়াৰ পিছত ২০০১, ২০০৬ আৰু ২০১১ চনত প্ৰদ্যুৎ বৰদলৈয়ে একেৰাহে তিনিবাৰকৈ কংগ্ৰেছক জয়ী কৰাইছিল। ২০১৬ আৰু ২০২১ চনত ভাস্কৰ শৰ্মাই ইতিহাস সলনি কৰি বিজেপিৰ জয় নিশ্চিত কৰে।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া সকলোৰে চকু এইটো কথাৰ ওপৰত থাকিব যে শৰ্মাই হেট্ৰিক কৰিব পাৰিবনে ? নে চেত্ৰী আৰু ৰাইজৰ দলে এই গোৰ্খা প্ৰধান আসনখনত কোনো চমক সৃষ্টি কৰিব সেয়া লক্ষনীয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *