...

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ গীতে-মাতে মুখৰিত “বিস্তীৰ্ণ পাৰৰে”

Spread the love

 

 

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ গীতে-মাতে মুখৰিত “বিস্তীৰ্ণ পাৰৰে”

 

 

জাহাজ যাত্ৰাৰ বৰ্ষাসিক্ত মধুৰ এসন্ধ্যা, গুৱাহাটীৰ বৰলুইতৰ বুকুত

 

 

চাইন অন ডেস্ক:

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দায়িত্বত থকা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি “বিস্তীৰ্ণ পাৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা”ৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰি সুধাকণ্ঠলৈ অনন্য শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা হয়।

এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভূপেনদাৰ পুত্ৰ তেজ হাজৰিকা আৰু পৰিয়ালবৰ্গ, ভূপেনদাৰ ভাতৃ তথা যশস্বী কণ্ঠশিল্পী সমৰ হাজৰিকা আৰু পৰিয়ালবৰ্গ, অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকলে সুধাকণ্ঠৰ স্মৃতি ৰোমন্থন কৰি, মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ভূপেনদাৰ কালজয়ী সৃষ্টিৰাজিৰ সুধাপান কৰি আপ্লুত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *