নগাঁৱৰ ৰহাত বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপন
নগাঁও, ১৫ নবেম্বৰঃ মহান স্বাধীনতা সংগ্ৰামী,সমাজ সংস্কাৰক আৰু জনজাতীয় সমাজৰ স্বাভিমানৰ প্ৰতীক বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক পবিত্ৰ জন্মজয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ ৰহাতো উদযাপন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰহা উন্নয়ন খণ্ডৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজিত “জনজাতীয় গৌৰৱ দিৱস”ৰ অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু অন্যান্য বিশিষ্ট অতিথিসকলে বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে তিৱা ৰজা জোঙাল বলহু,হেমৰাম পাটৰ আৰু ঐতিহাসিক ফুলগুৰি ধেৱাৰ বীৰ শ্বহীদসকলকো স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰহা সম-জিলাৰ অন্তৰ্গত হাটবৰ গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কাৰ্যসূচীত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। ভাষণ প্ৰসংগত শৰ্মাই বিৰছা মুণ্ডাৰ বীৰত্ব,ত্যাগ আৰু জনজাতীয় সমাজৰ অধিকাৰ তথা স্বাভিমানৰ বাবে কৰা সংগ্ৰামৰ কথা উল্লেখ কৰে।
অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু চামগুৰি কলেজৰ অধ্যক্ষ ড৹ ইন্দ্ৰজিৎ বেজবৰুৱাইও দিনটোৰ তাৎপৰ্য বাখ্যা কৰি সাৰুৱা ভাষণ প্ৰদান কৰে।
কেন্দ্ৰীয় কাৰ্যসূচীটিত তিৱা,বড়ো,কাৰ্বি আৰু চাহ জনগোষ্ঠীৰ শিল্পীসকলে তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতি প্ৰতিফলিত হোৱাকৈ সুন্দৰ গীত-নৃত্য পৰিৱেশন কৰে। এই মনোমোহা সাংস্কৃতিক অনুষ্ঠানে উপস্থিত ৰাইজক মোহিত কৰে। নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া,জিলা পৰিষদৰ সভানেত্রী গীতাঞ্জলি হাজৰিকা, জিলা অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং,ৰহা সম জিলাৰ সম আয়ুক্ত ড৹ অংকিতা বৰা, সহকাৰী আয়ুক্ত জেবিন গুলনাৰ,ৰহা খণ্ড উন্নয়ন বিষয়া,গোলচান চুলতানা, সাহাৰি তিৱা দেউ ৰাজা,সুৰেন্দ্ৰ নাথ কোঁৱৰ,নগাঁও উন্নয়ন প্ৰাধিকৰণৰ ধ্ৰুৱজ্যোতি শৰ্মা,সমাজকৰ্মী ৰঞ্জিত বৰদলৈ,সমাজকৰ্মী সুবৰ্ণ সিং,ৰহা আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ অপৰাজিতা বৰদলৈ,হাটবৰ গাওঁ পঞ্চায়তৰ সভাপতি দীপেন কোঁৱৰ, জিলা পৰিষদৰ সদস্য (চাপৰমুখ) জুনালিম দাস ডেকা,জিলা পৰিষদৰ সদস্য (বাৰপুজীয়া) ৰূপজ্যোতি বৰদলৈ,মণ্ডল সভাপতি কমাৰগাঁও মণ্ডল ভাস্কৰ জ্যোতি পাটৰ,তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্য (২৫ নং সাহাৰী) মোহন সেনাপতি,তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্য (২৯ নং কামাৰগাঁও) অজিত পাটৰ,এছ টি মৰ্চা জিলা সভাপতি সঞ্জীব দেউৰী, চাহ মৰ্চাৰ সভাপতি ৰতন তাঁতী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে।