...

২৩ নবেম্বৰত গোৱাত প্ৰদৰ্শন হ’ব “ভূপেন দা আনকাট” ৫৬সংখ্যক IFFIত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ

Spread the love

২৩ নবেম্বৰত গোৱাত প্ৰদৰ্শন হ’ব “ভূপেন দা আনকাট” ৫৬সংখ্যক IFFIত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

সুধাকণ্ঠ তথা ভাৰতৰত্ন প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ জীৱনৰ কিছু অপ্ৰকাশিত কথাকলৈ নিৰ্মিত এখনি তথ্যচিত্ৰ “ভূপেন দা আনকাট”ক ভাৰতীয় পেনোৰামাৰ বিশেষ পেকেজৰ অধীনত গোৱাত অনুষ্ঠিত হʼবলগীয়া ৫৬ সংখ্যক আই এফ এফ আইত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে‌ ৷ অহা ২৩ নৱেম্বৰত সন্ধিয়া ৬ বজাত গোৱাৰ পাঞ্জিমৰ সম্ৰাট চিনেমাত প্ৰদৰ্শিত হ’ব “ভূপেন দা আনকাট”‌৷ “ভূপেন দা আনকাট” হৈছে ড০ ভূপেন হাজৰিকাৰ জীৱনৰ কিছু অপ্ৰকাশিত কথাকলৈ ২৫বছৰ আগতে ১৯৯৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত শ্বুটিং কৰা এখন ভিনটেজ ফুটেজ তথ্যচিত্ৰ৷ এই তথ্যচিত্ৰখনত ভাৰত ৰত্ন ভূপেন হাজৰিকাই তেওঁৰ জীৱনৰ বহু অপ্ৰকাশিত কথা কোৱাৰ লগতে তেওঁ কৈছিল-কৈশোৰ কালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে শিল্পী সত্তাৰ সান্নিধ্য লাভ কৰা,উচ্চ শিক্ষাৰ বাবে নিউয়ৰ্কলৈ যাত্রা,আমেৰিকাত পত্নী প্রিয়ম্বদা পেটেলৰ সৈতে সংযোগ আৰু বিবাহৰ আভাস। কবিতাৰ বহী হাতত লৈ ভূপেন হাজৰিকাই ৰচনা কৰা সমসাময়িক সমাজৰ ছবি ফুটি উঠা কেইবাটাও কবিতা আবৃত্তি যিবোৰৰ কিছুমান কবিতা এতিয়াও বোধকৰো প্রকাশ হোৱা নাই সেই সকলোবোৰ সন্নিবিষ্ট কৰা হৈছে এই তথ্যচিত্ৰখনত৷ ভূপেন হাজৰিকাৰ কেইটামান কবিতাও আবৃত্তি কৰিছিল যাৰ কিছুমান এতিয়াও প্ৰকাশ হোৱা, সেইবোৰ এই তথ্যচিত্ৰখনত তুলি ধৰা হৈছে৷ সংগীতা এডভাৰটাইজিঙৰ বেনাৰত চিন্ময় শৰ্মা আৰু ববিতা শৰ্মাই নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ সম্পাদনা আৰু ক্ৰিয়েটিভ ডাইৰেক্টৰ হৈছে ৰবিবদ্ৰা বৰগয়ান৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু আই এফ এফ আইক ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন বৰ্ষত “ভূপেন দা আনকাট” প্ৰদৰ্শন কৰি তেওঁৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তথ্যচিত্ৰ নিৰ্মাতাসকলে ধন্যবাদ জ্ঞাপন কৰিছে ৷ উল্লেখ‍্য যে‌ চলিত বর্ষৰ ৭‌ ছেপ্টেম্বৰত গুৱাহাটীৰ অনুৰাধা চিনেপ্লেক্সত ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে ড০ হাজৰিকাৰ পৰিয়ালৰ অন্যান্য সদস্যৰ উপস্থিতিত “ভূপেন দা আনকাট”ৰ বিশেষ প্ৰদৰ্শন কৰা হৈছিল ৷ ইয়াৰ উপৰিও ১৪ অক্টোবৰত পোলেণ্ডৰ ৱাৰ্ছ’ত পোলেণ্ডৰ অসমীয়া সন্থাৰ উদ্যোগত লাক্সেমবাৰ্গত,ইউৰোপত প্ৰবাসী অসমীয়াৰ এক অনুষ্ঠান অক্সম মিলনত আৰু ২৮ অক্টোবৰত ব্ৰিটেইনৰ নেহৰু চেণ্টাৰত গ্ৰেট বৃটেইনস্থিত ভাৰতৰ উচ্চায়ুক্তৰ উদ্যোগত আৰু লুইতপৰীয়া নাচনীৰ সহযোগত আয়োজন কৰা এটি অনুষ্ঠানত এই তথ্যচিত্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ হৈছিল৷ বৃটেইনৰ চিনু কিশোৰৰ নেতৃত্বত ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপনৰ স্মৃতিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ উল্লেখ্য যে, ভূপেন দা আনকাট তথ্যচিত্ৰখনৰ পৰিকল্পনা আৰু পৰিচালনা ববিতা শৰ্মাৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *