বেংগালুৰুৰ ঘটনাৰ বাবে বি চি চি আই দায়বদ্ধ নহয়ঃস্পষ্ট কৰি দিলে দেৱজিৎ শইকীয়াই
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় পেৰেডৰ পূৰ্বে হোৱা পদপিষ্টৰ ঘটনাত ১১ জন লোকৰ মৃত্যু
আই পি এল ২০২৫ত বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (RCB)।কিন্তু এই বিজয় যেন RCB ৰ বাবে অভিশাপহে হৈ পৰিল।বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত বুধবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় পেৰেডৰ পূৰ্বে হোৱা পদপিষ্টৰ ঘটনাত ১১ জন লোকৰ মৃত্যু হয়।এই ঘটনাৰ পিছত অৱশেষত শোক প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI)।