নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ
কলগাছিয়াত সংঘটিত হৈছে এই জঘন্য কাণ্ড
ঘটনাস্থলীত আৰক্ষী উপস্থিত, ন্যায় বিচাৰি ৰাইজৰ উত্তাল প্ৰতিবাদ।
চাইন অন ডেস্ক:
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ছিকাটাৰী গাওঁৰ পানী যোগান আচঁনিৰ চৌহদৰ ভিতৰত নৃশংস হত্যাকাণ্ড। গাওঁখনৰ উজাল হুছেইনৰ জীয়ৰী ইয়াচমিনা খাতুনক নিশা কোনোবা লম্পটে ঘৰ পৰা উঠাই আনি ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।
পানী যোগান আঁচনিৰ দায়িত্বত থকা লোকজনে কাহিলী পুৱাতেই টেংকিত পানী উঠাবলৈ অহাৰ পাছত ছোৱালী জনী পৰি থকা দেখি চিঞৰ-বাখৰ কৰাত লগে লগেই এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। লগে লগেই স্থানীয় লোকে ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
ইয়াৰ পূৰ্বেও গাওঁখনত দুটাকৈ হত্যাকাণ্ড হোৱাৰ পাছতো আজিলৈকে পৰিয়ালৰ লোকে ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।যাৰ বাবে অসম চৰকাৰ, আৰক্ষী প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰি এই হত্যা কাণ্ডৰ লগত জড়িত থকা লম্পটক কৰায়ত্ত কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাই স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।