বৰপেটাৰোডৰ বৰ্মণ পাৰাত চাঞ্চল্যকৰ ঘটনা
পুত্ৰৰ প্ৰহাৰত মৃত্যু হয় পিতৃৰ
মৃত পিতৃক ঘৰৰ ভিতৰতে তলা মাৰি থৈ পলায়ন পুত্ৰৰ
বৰপেটাৰোড:
বৰপেটাৰোডৰ বৰ্মণ পাৰাত চাঞ্চল্যকৰ ঘটনা।পুত্ৰৰ প্ৰহাৰত মৃত্যু হয় পিতৃৰ।
মৃত পিতৃক ঘৰৰ ভিতৰতে তলা মাৰি থৈ পলায়ন পুত্ৰৰ।
পিতৃ হত্যাকাৰী পলাতক পুত্ৰৰ নাম প্ৰীতম সান্যাল।আনহাতে

মৃত পুতুল সান্যালৰ কন্যাই জানোৱা মতে, পিতৃৰ সৈতে বিয়লি কাজিয়া হৈছিল ককায়েকৰ।
তাৰপিচতে ককায়েকৰ প্ৰহাৰত পিতৃৰ মৃত্যু হয়।
এই ঘটনাৰ পিচতে মাতৃ অসুস্থ হৈ পৰে আৰু পিতৃক ঘৰৰ ভিতৰত থৈ বাহিৰৰ পৰা তলা মাৰি থৈ অসুস্থ মাতৃক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰে দুই ভাতৃ-ভগ্নীয়ে।
ইপিনে বৃদ্ধ লোকজনক এনেদৰে বাহিৰৰ পৰা তলা মাৰি থৈ যোৱা কথাক লৈ ওচৰ চুবুৰীয়া লোক সকল উদ্বিগ্ন হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে লোকজনৰ উদ্ধাৰৰ বাবে বৰপেটা মেডিকেল কলেজত উপস্থিত হৈ চিকিৎসাধীন মাতৃৰ সৈতে থকা পুত্ৰ কন্যাক বিচাৰি যায় যদিও লোকজনৰ পুত্ৰক বিচাৰি নাপালে।
আৰক্ষীয়ে লোকজনৰ কন্যাক লগত লৈ আহি ঘৰৰ তলা খুলি বিচনাত শুৱাই থোৱা অৱস্থাত তেজে তুমৰুলি অৱস্থাত পিতৃৰ মৃতদেহ উদ্ধাৰ কৰে।
সম্প্ৰতি হত্যাত অভিযুক্ত প্ৰীতম সান্যাল পলাতক হৈ আছে যদিও লোকজনৰ কন্যাক আটক কৰি সোধপোচ চলাই আছে।
আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান চলাই থকাৰ লগতে পলাতক প্ৰীতম সান্যালৰ সন্ধান চলাই আছে।