...

নাবালিকা কন্যাসহ চুপাৰী কিলাৰ গৌৰাংগ পাত্ৰক যোৰহাটলৈ শিশু গৃহলৈ

Spread the love

নাবালিকা কন্যাসহ চুপাৰী কিলাৰ গৌৰাংগ পাত্ৰক যোৰহাটলৈ শিশু গৃহলৈ

 

ববী গগৈ আৰু কন্যাৰ প্ৰেমিক দ্বীপ জ্যোতি বুঢ়াগোহাঁইক চাৰিদিনৰ বাবে বৰবৰুৱাৰ আৰক্ষীৰ জিম্মাত

চাইন অন ডেস্ক:

ডিব্ৰুগড় বৰবৰুৱাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ চাৰি হত্যাকাৰীক ডিব্ৰুগড় PI কৰ্টৰ বিশেষ আদালতত হজিৰ কৰা হয়।

পাছত পিতৃ হত্যাকাৰী নাবালিকা কন্যা সহ চুপাৰী কিলাৰ নাবালক গৌৰাংগ পাত্ৰক যোৰহাটলৈ শিশু গৃহলৈ (Juvenile Home)
প্ৰেৰণ কৰে আদালতে।

দুয়োজন হত্যাকাৰী নাবালক হোৱাৰ বাবেই যোৰহাটলৈ প্ৰেৰণ কৰে কালি নিশা।

আনহাতে স্বামীৰ হত্যাত জড়িত ববী (সোণোৱাল) গগৈ আৰু কন্যাৰ প্ৰেমিক দ্বীপ জ্যোতি বুঢ়াগোহাঁইক চাৰিদিনৰ বাবে বৰবৰুৱাৰ আৰক্ষীয়ে জিম্মাত লয়।

আৰক্ষীয়ে বৰবৰুৱা থানা ৬৪/২৫ নং গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ আইনৰ ১০৩(২)/৩০৯(২) ধাৰা অধীনত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *