...

বেংকত চাকৰি কৰিব নে কি?

Spread the love

 

 

বেংকত চাকৰি কৰিব নেকি?

 

নিযুক্তি দিব ৫০,০০০ কৰ্মচাৰীক !
ৰাজহুৱা খণ্ডৰ বেংক প্রতিষ্ঠানত!

নতুন দিল্লী:

বেংকত চাকৰি কৰিব নে কি? তেনেহলে পলম কিয় ?
ৰাজহুৱা খণ্ডৰ বেংকসমূহে চলিত বিত্তীয় বর্ষত প্রায় ৫০,০০০ প্রার্থীক নিযুক্তি দিব।

ইয়াৰে প্রায় ২১,০০০ প্রার্থীক বিষয়া পৰ্যায়ৰ পদত নিযুক্তি দিয়া হ’ব। বেংক প্রতিষ্ঠানসমূহে কার্যকলাপ সম্প্ৰসাৰণ আৰু গ্রাহক সেৱা বৃদ্ধি কৰিবলৈ বিচাৰিছে। ইয়াৰ অংশ হিচাপেই এইসকল প্রার্থীক নিযুক্তি দিয়া হ’ব।

দেশৰ সৰ্ববৃহৎ বেংক এছ বি আয়ে সর্বাধিক ২০,০০০ প্রার্থীক নিযুক্তি প্রদান কৰিব। ইতিমধ্যে সমগ্র দেশতে নিজৰ শাখাৰ কাৰ্যকলাপ শক্তিশালী কৰিবলৈ বেংক প্রতিষ্ঠানটোৱে ৫০৫ জন প্ৰবেচনেৰী বিষয়া আৰু ১৩,৪৫৫ জন কনিষ্ঠ সহযোগীক নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে।

দ্বিতীয় বৃহৎ চকাৰী বেংক পাঞ্জাব নেচনেল বেংকে এই বিত্তীয় বর্ষত ৫,৫০০ ৰো অধিক প্ৰাৰ্থীৰ নিযুক্তিৰ পৰিকল্পনা কৰিছে। ২০২৫ চনৰ মাৰ্চ মাহলৈকে পি এন বিৰ কৰ্মচাৰীৰ সংখ্যা আছিল ১,০২,৭৪৬।

ইফালে চেন্ট্রেল বেংক অব ইণ্ডিয়াই বছৰটোৰ ভিতৰত প্ৰায় ৪ হেজাৰ কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য নির্ধাৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *