হিন্দু-মুচলমানৰ সমন্বয়ৰ ক্ষেত্ৰ বকুলৰ দূৰ্গা পূজা
আহোম ৰাজত্বকালৰ ইতিহাসপ্রসিদ্ধ বকুলৰ দুৰ্গা পূজা
দেশ বিদেশৰ ভক্তই আগবঢ়াই পূজা অৰ্চনা
বিভাস দুৱৰা
প্রাচীন কালৰে পৰা ভাৰতবৰ্ষত বিশেষভাবে শাৰদীয় দুর্গা পূজা পালন কৰাৰ তথ্য ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। তাহানিৰে পৰা বৰ্তমানলৈকে এই পৰম্পৰা কোনো সলনি হোৱা নাই যদিও পৰিবৰ্তনৰ ধামখুমীয়াৰ বাবে কিছু কিছু ঠাইত আধুনিকতা পৰশ পৰা দেখিবলৈ পোৱা গৈছে। আধুনিক আৰু বিশ্বায়নৰ প্রভাৱত শাৰদীয় দুর্গোৎসবও পৰিবৰ্তনৰ জোৱাৰ উঠিছে। সমগ্র ৰাজ্যখনৰ লগতে উজনি অসমৰ দ্বিতীয়খন ৰাজধানী ৰূপে স্বীকৃতিপ্ৰাপ্ত ঐতিহ্যমণ্ডিত মহানগৰ ডিব্ৰুগড়ৰ বকুলত প্রাচীন ঐতিহ্য আৰু পৰম্পৰাৰে বৰ্তি থকা এখন দুৰ্গা পূজা হৈছে ঐতিহাসিক বকুলৰ দুৰ্গা পূজা। আহোম ৰাজত্ব কালৰো পূৰ্বৰে পৰা পালন কৰি অহা শক্তিপীঠবোৰত দুর্গা পূজাই বিশেষ ভূমিকা গ্রহণ কৰিছিল আৰু বর্তমানেও কৰি আছে। অতি প্রাচীন কালৰ ৰাজ্যখনৰ শক্তিপীঠসমূহৰ ভিতৰত ডিব্ৰুগড় জিলা লাহোৱাল বৰ্তমান চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তর্গত বকুলস্থিত বকুল দুর্গাপূজা অন্যতম শক্তিপীঠ হিচাপে পৰিচিত।
আজিৰ পৰা চাৰিশবছৰৰ পূৰ্বে আহোম ৰাজত্বকালৰ অন্যতম শক্তিশালী ৰজা প্রতাপ সিংহই (চুচেনফা) আহোম ৰাজপাটত অধিষ্ঠিত হোৱা সময়ৰ পৰাই এই বকুলত দুৰ্গা পূজা পালন কৰা বিভিন্ন তথ্য ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে।এনে এগৰাকী কৰ্মদক্ষ, শক্তিশালী স্বৰ্গদেউৰ ৰাজত্বকালত ৰাজকাৰেঙৰ ভিতৰত শাৰদীয় দুর্গোৎসৱৰ আয়োজন কৰাৰো বহু তথ্য ইতিহাসৰ পৃষ্ঠাত বর্ণিত হৈ আছে। এইগৰাকী কৰ্মদক্ষ বিষয়াৰ নেতৃত্বত সেই সময় বৃহত্তৰ লখিমপুৰ ডিব্ৰুগড়-তিনিচুকীয়া জিলা ধৰি সেউজীয়া পাদদেশ অৰুণাচলৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্রান্তৰলৈ অহা-যোৱা কৰিবলৈ এটা ইতিহাসপ্রসিদ্ধ আলি যাক পৰৱৰ্তী সময়ত মোমাই তামুলী আলি হিচাপে পৰিগণিত হৈছিল। এই ইতিহাস প্ৰসিদ্ধ পথটোৱেদি বর্তমান ডিব্রুগড়-তিনিচুকীয়াকে ধৰি অৰুণাচল পর্যন্ত বিস্তৃত থকা কথা পুৰাতত্ব সমলৰ জৰিয়তে প্ৰমাণিত হৈছে। বর্তমানৰ বকুল, তেতিয়া এইগৰাকী বিষয়াৰ অধীনত আছিল আৰু ৰজাই পালন কৰা শাৰদীয় দুর্গোৎসবৰ আয়োজন মোমাই তামুলী বৰবৰুৱাই ধুমধামেৰে উদযাপন কৰিছিল। বকুলৰ বৰ্তমান যি স্থানত দূর্গাপূজা আয়োজন কৰা হয় তাৰ পৰা প্ৰায় কেইৰ্ফালংমান আঁতৰত তেতিয়া এই দুৰ্গা পূজা পালন কৰা হৈছিল।
প্রথমাবস্থাত জীব-জন্তু বলি দিয়াৰ প্ৰথা প্রচলন আছিল।বিভিন্ন তথ্য অনুসৰি নৰবলিও দিয়া হৈছিল বুলি কিংবদন্তি চলি আছে যদিও ইয়াত সন্দেহৰ অৱকাশ আছে। পূৰ্বতে মহ বলি দিয়া প্ৰথা আছিল যদিও বৰ্তমান ইয়াৰ পৰিবৰ্তে হাঁহ, ছাগলী বলি দিয়া প্রথা প্রচলন হৈয়ে আছে। বৃটিছ আগমনৰ লগে লগে এই বকুলৰ এই দুর্গাপূজাই ব্যাপক ভাবে অনুষ্ঠিত কৰে আৰু প্ৰচাৰ- প্ৰসাৰো লাভ কৰে। ব্ৰিটিছৰ দিনৰ পৰাই প্ৰচলিত ম’হ বলি দিয়াৰ প্ৰথাৰ ঠাইত ছাগলী, হাঁহ বলি দিয়াৰ প্ৰথা প্ৰৱৰ্তন হয়। তদুপৰি বৰ্তমান পূজাস্থলীৰ পৰা উত্তৰ-পশ্চিম দিশত থকা তিনিআলিত আটাৰ গুৰিৰে নৰ মূৰ্ত্তি নির্মাণ কৰি বলি দিয়া প্রথা প্রবর্তন হয় আৰু পৰৱৰ্তী সময়ত এই প্রথা প্রচলন বন্ধ হয়।
আজিও বকুলৰ দুর্গাপূজা আৰম্ভনি উক্ত ঠাইতে আৰম্ভ হোৱা পৰম্পৰা অক্ষুণ্ণ আছে। বৃটিছসকলৰ আগমণৰ লগে লগে বকুলৰ এই শক্তি পূজাথলীয়ে জনসাধাৰণৰ মনত বিশেষভাবে ক্রিয়া কৰাই নহয় বৃহত্তৰ অঞ্চলটোত প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰে নহয় সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে এখনি গুৰুত্বপূৰ্ণ শক্তিপীঠ হিচাপে পৰিগণিত বকুলৰ দুর্গাপূজাই পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি কোনোধৰণৰ কৃত্রিমতা বা জাকজমকীয়া বাহুল্য পৰিবৰ্তে আধ্যাত্মিক গাম্ভীৰ্যৰে পৰিচালিত হৈ আছে। দুর্গা মূৰ্তিটোত কোনোধৰণৰ আধুনিক প্ৰলেপৰ প্ৰয়োভৰ নকৰাকৈ পৰম্পৰানুসৰি কাপোৰ, গহণা-গাথৰি পৰিধান কৰা হয়। দুর্গাদেবীৰ গহণাবোৰৰ ভিতৰত অধিকাংশই সোণৰ হোৱাটো অন্য এক গুৰুত্বপূর্ণ বৈশিষ্ট্য আছিল যদিও বৰ্তমান সেই গহনা সমূহ দেখিবলৈ পোৱা নাযায়।
কলকতাৰ পৰা অহা মৃন্ময় শিল্পীয়ে বিশেষভাবে এই দুৰ্গা মূৰ্তি নির্মাণ কৰি আহিছে আৰু বর্তমানো নির্মাণ কৰে। প্রথমাবস্থাত নৰসিংহ পাল নামৰ কাৰিকৰ গৰাকীয়েগৰাকীয়ে মূর্তি নিৰ্মাণ কৰা বুলি জনা যায় যদিও দেৰগাঁৱৰ এক পূজাৰী পৰিয়ালে বিগত প্রায় বহু বছৰ ধৰি বকুলৰ পূজাৰ মাংগলিক কাৰ্য পৰিচালনা কৰি আছে। বৈকুণ্ঠ পূজাৰী নামৰ এগৰাকী পূজাৰীয়ে প্রায় ডেৰ দশক ধৰি বকুলত পূজাৰী হিচাপে মাংগলিক কার্য সমাপন কৰি আছে। উল্লেখ্য যে বকুল হিন্দু-মুছলমান তথা বিভিন্ন ধর্মাবলম্বী লোকৰ সমন্বয় থলী হিচাপে পৰিচিত, এই পূজাথলীত ইছলামধর্মী লোকৰ অধিকাংশ লোকেই দোকানকে ধৰি অনান্য কামত ব্যস্ত হৈ ভক্তসকলক আদৰণী জনায়। ৰাজ্যখনৰ বিভিন্ন প্রান্তৰত দৈনিক হাজাৰ হাজাৰ লোকে বকুলৰ দুর্গাপূজাত সেৱা আগবঢ়াবলৈ আৰু তেওঁলোকে নিজৰ মনোকামনা পূৰণ হয় বুলি একান্তভাবে বিশ্বাস কৰে।