Skip to content বেটি বচাও বেটি পঢ়াও(BBBP) আঁচনিৰ অধীনত
“মানসিক স্বাস্থ্য” ৰ সম্পৰ্কে সজাগতা সভা
চাইন অন ডেস্ক:
মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ-কিশোৰী সকলৰ “মানসিক স্বাস্থ্য” সম্পৰ্কত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত আদৰণি ভাষণ আগবঢ়ায় নাহৰতলী চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উদয় শংকৰ গগৈয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ডিব্ৰুগড় জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তা নীহাৰিকা বৰুৱাই। আজিৰ এই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক প্ৰয়াসী কাশ্যপ ,আৰু সামাজিক অন্বেষক কিৰণ ৰাজকুমাৰীয়ে কিশোৰ -কিশোৰী সকলৰ মানসিক স্বাস্থ্য আৰু ইয়াৰ বিকাশৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে আৰু কিশোৰ -কিশোৰী সকলৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা লগতে সজাগতা প্ৰসাৰৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলে ল’ব লগা ভূমিকাৰ ওপৰত বক্তব্য ৰাখে। সমল ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী সকলৰ লগতমত বিনিময়ো কৰে।আজিৰ এই সভাত বিদ্যালয় খনৰ শিক্ষক -শিক্ষয়িত্ৰী, আৰু জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।