...

অসমীয়া ব্যৱসায়ী বসন্ত বৰা আৰু পুত্ৰক অৰুণাচলী দুৰ্বৃত্তৰ মাৰপিট

Spread the love

অসমীয়া ব্যৱসায়ী বসন্ত বৰা আৰু পুত্ৰক অৰুণাচলী দুৰ্বৃত্তৰ মাৰপিট

ব্যাপক উত্তপ্ত পৰিস্থিতি,আইন শৃংখলাৰ বিনষ্ট!

সবিশেষ কমেন্ট বস্কত

চাইন অন ডেস্ক:

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লক্ষীমপুৰ জিলাৰ চেঁচা ৰাজগড়ত পুনৰ উত্তপ্ত পৰিস্থিতি। বসন্ত বৰা আৰু তেওঁৰ পুত্ৰক মাৰপিট কৰি আহত কৰা অৰুণাচলী দূৰ্বৃত্তক অদ্যাপি কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে। ঘটনা সংঘটিত কৰা অৰুণাচলী দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ দহ দিনৰ সময়সীমা বান্ধি দিলে অসম আৰক্ষীক ৷উল্লেখ্য যে ১৮ ডিচেম্বৰৰ নিশা কেইজনমান অৰুণাচলী যুৱকে তাণ্ডৱ চলাই অঞ্চলটোৰ এটি পৰিয়ালৰ দুজনক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে ব্যৱসায় প্ৰতিস্থান ভাঙি লণ্ড ভণ্ড কৰিছিল ।বসন্ত বৰা নামৰ যুৱকজনৰ ব্যৱসায় প্ৰতিস্থানত নিশা অৰুণাচলী দুৰ্বৃত্তই উপদ্ৰৱ চলায়।নিশা শোৱাৰ পিছত ব্যৱসায় প্ৰতিস্থান খুলিবলৈ জোৰ কৰিছিল দুৰ্বৃত্ত অৰুণাচলী দলটোৱে।দোকান নোখোলো বুলি কোৱাৰ পিছতেই অৰুণাচলী যুৱককেইজনে ব্যৱসায়ী বসন্তৰ লগতে তেওঁৰ পুত্ৰক প্ৰহাৰ কৰে৷ইয়াতে ক্ষান্ত নাথাকি ব্যৱসায় প্ৰতিস্থান খন ভাঙি লণ্ড ভণ্ড কৰে ৷ব্যৱসায় বসন্তৰ মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পেৱাৰ লগতে পুত্ৰৰ মুৰত ১৫ টাকৈ চিলনী পৰে ৷
সম্প্ৰতি আহত বসন্ত আৰু পুত্ৰ চিকিৎসাধীন ৷দোষীক আটক কৰাৰ দাবীত যোৱা ২০ ডিচেম্বৰতো টায়াৰ জ্বলাই পথ অৱৰোধেৰে প্ৰতিবাদ কৰিছিল ৰাইজে।আজিও প্ৰতিবাদ মুখৰ হৈ পৰে ৰাইজ।ৰাইজে চমজাই দিয়া এগৰাকী অভিযুক্তক শিমলুগুৰি আৰক্ষীয়ে এৰি দিয়াক লৈ প্ৰতিবাদ ৷আৰক্ষী বিষয়া এল উইন ৰংপিক ইতিমধ্যে শিমলুগুৰি আৰক্ষী চকীৰ পৰা বদলি কৰিছে লক্ষীমপুৰ আৰক্ষী অধীক্ষকে।

Leave a Reply

Your email address will not be published. Required fields are marked *