...

বিশ্বৰ বুকুত জিলিকিল অসম সন্তান

Spread the love

বিশ্বৰ বুকুত জিলিকিল অসম সন্তান

গুগলত গুৰুত্বপূৰ্ণ পদত প্ৰত্যাশা কলিতাৰ যোগদান

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ কৃতিত্ব

চাইন অন ডেস্ক:

শিৱসাগৰ বিশ্ববিদ্যালয়ৰ (পূৰ্বৰ শিৱসাগৰ কলেজ, জয়সাগৰ) প্ৰাক্তন ছাত্রী তথা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা ৰূদ্ৰসাগৰ নিবাসী ড° প্রফুল্ল চন্দ্ৰ কলিতা আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইন্সটিটিউটৰ বিজ্ঞান শিক্ষয়িত্রী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা প্রত্যাশা কলিতাৰ সাফল্যই সমগ্ৰ অসমৰ লগতেই শিৱসাগৰ জিলাবাসীক উৎফুল্লিত কৰিছে। প্রত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত SWE III (চফ্‌টৱেৰ ইঞ্জিনিয়াৰ) পদত নিযুক্তি পাবলৈ সক্ষম হৈছে।
ছাত্ৰী অৱস্থাৰ পৰাই বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হোৱা প্ৰত্যাশাই ২০১৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে ১৬ নং স্থান পাবলৈ সক্ষম হৈছিল। তদুপৰি Assam Academy of Mathematics য়ে আয়োজন কৰা Mathematics Olympiad 2015 ত Category III ত অসমৰ ভিতৰত দ্বিতীয় স্থান লৈ প্ৰাঞ্জল তালুকদাৰ মেমৰিয়েল বঁটা লাভ কৰিছিল। পুনৰ ২০১৬ চনত Mathematics Olympiad ত Category III ত অসমৰ ভিতৰত প্রথম স্থানেৰে প্ৰফেচাৰ দুৰ্গেশ্বৰ দাস মেম’ৰিয়েল বঁটা আৰু ড° সুব্ৰতনন্দ দুৱৰা মেম’ৰিয়েল স্বর্ণপদক লাভ কৰিছিল। তদুপৰি Society for Chemical Education, Assam য়ে আয়োজন কৰা State Level Chemistry Olympiad ত ২০১৭ চনত ৰাজ্যৰ ভিতৰত প্ৰথম হৈ নীলকান্ত ডেকা মেম’ৰিয়েল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আজমল ৰাষ্ট্ৰীয় প্রতিভা সন্ধানী পৰীক্ষাত ২০১১ চনত অসমৰ ভিতৰত দ্বিতীয়, ২০১২ চনত প্ৰথম, ২০১৩ চনত তৃতীয়, ২০১৫ চনত প্ৰথম হৈ জলপানি লাভ কৰিছিল। ২০১১ আৰু ২০১৩ বৰ্ষৰ সঁফুৰা প্ৰতিভা সন্ধানী পৰীক্ষাতো জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল।
২০১৪ চনত জিজ্ঞাস প্রতিভা সন্ধানী পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা প্রত্যাশাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান প্রতিভা সন্ধানী পৰীক্ষাতো (NSTSE) ২০১০ চনত ৰাজ্যৰ ভিতৰত দ্বিতীয়, ২০১১ চনত প্ৰথম, ২০১৪ আৰু ২০১৫ চনত উত্তৰ-পূব ৰাজ্যসমূহৰ ভিতৰত ক্ৰমে প্রথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল। তদুপৰি এই পৰীক্ষাত ২০১২ চনত ৰাষ্ট্ৰৰ ভিতৰত ২৪ নং স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে ২০১৭ চনত ছাত্ৰীগৰাকী আমেৰিকাৰ বিখ্যাত বোষ্টন ইউনিভাৰ্চিটিলৈও জলপানিসহ দুমাহৰ গণিত বিষয়ৰ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত হৈছিল। কিন্তু সেইসময়ত ছাত্ৰীগৰাকীয়ে আই.আই.টিৰ প্ৰৱেশমূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ বাবে উক্ত প্রশিক্ষণত ভাগ ল’ব পৰা নাছিল। অৱশেষত ২০১৮ চনৰ আই.আই.টি. প্ৰৱেশ পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা প্ৰত্যাশাই পৰৱৰ্তী পৰ্যায়ত দেশৰ প্ৰথমখন ভাৰতীয় প্ৰায়োগিক প্রতিষ্ঠান খড়গপুৰত সাধাৰণ শ্ৰেণীৰ মেকানিকেল বিভাগত নামভর্তি কৰি বি.টেক সম্পূৰ্ণ কৰে।
আয়াৰলেণ্ডত এমাজন কোম্পানীত আঢ়ৈ বছৰে SDE-I (চফ্‌টৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰ) পদত সফলতাৰে সেৱা আগবঢ়োৱা প্রত্যাশাই শেহতীয়াকৈ গুগলত লাভ কৰা নিযুক্তিয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে জিলাবাসীক আনন্দিত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *