অসমৰ চিকিৎসকক গ্ৰেপ্তাৰ হল আমেৰিকাত ! ১৩০০ কোটি টকীয়া জালিয়াতিত জৰিত এইগৰাকী চিকিৎসক।এই লুন্ঠনৰ খলনায়কজন অসমীয়া চিকিৎসক হোৱাত অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।তেওঁ ১ কেটি ২ কোটি নহয়, ১৩০০ কোটি টকা সৰকালে।কিনো কেলেংকাৰী কৰিলে আমেৰিকাত এইজন অসমীয়া চিকিৎসকে ?
অসমত তেওঁৰ পৰিয়ালৰ আছে বিশেষ পৰিচিতি। তেওঁৰ পিতৃ প্ৰয়াত ফণি শৰ্মা অসমৰ ৰাজনীতিৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল। কংগ্ৰেছ নেতা ফণি শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ।তেওঁৰ নাম ডাঃ তণ্ময় শৰ্মা।মহানগৰীৰ বামুণী মৈদানত থকা অনুৰাধা কমপ্লেক্সকে ধৰি এই পৰিয়ালটোৰ আছে প্ৰচুৰ সম্পত্তি।
ডাঃ তণ্ময় শৰ্মা বাস কৰে আমেৰিকাৰ তুষ্টিনত। দীৰ্ঘদিন ধৰি আমেৰিকাত বাস কৰা তেওঁ এজন প্ৰৱাসী অসমীয়া। ডা০ শৰ্মাই এটা কোম্পানীত কাম কৰিছিল।কোম্পানীটোৰ নাম আছিল ছে’ভাৰেইন হেল্থ গ্ৰুপ। এই গ্ৰুপটো আছিল ছান ক্লেমেন্টৰ।