...

নতুন দিল্লীৰ চৰকাৰী বাসভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘অসম দিৱস’ পালন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Spread the love

 

নতুন দিল্লীৰ চৰকাৰী বাসভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘অসম দিৱস’ পালন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 

• “সমন্বয়, সদ্ভাৱনা, বিশ্বাস আৰু সহানুভূতিৰ জৰিয়তে মানুহৰ মন জয় কৰিব নোৱাৰিলে সেই অঞ্চলৰ সৰ্বাংগীণ প্ৰগতি আৰু সমৃদ্ধি অসম্ভৱ”: সোণোৱাল
• “ছ্যুকাফাৰ আদর্শেৰে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমন্বয় আৰু সুশাসনৰ জৰিয়তে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ ভেটি সুদৃঢ় কৰি আহিছে”: সোণোৱাল

নতুন দিল্লী, ২ ডিচেম্বৰ ২০২৫:

আজি 'অসম দিৱস'ৰ পৱিত্ৰ ক্ষণত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নতুন দিল্লীস্থিত চৰকাৰী বাসভৱন প্রাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে 'অসম দিৱস' পালন কৰে আৰু প্ৰথমগৰাকী আহোম স্বৰ্গদেউ, আহোম সাম্ৰাজ্যৰ 
পাতনি মেলোঁতা চাওলুং চ্যুকাফা প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ বিস্তৃত অৰিহণাৰ গাথা স্মৰণকৰে | কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, "বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষস্বৰূপ
স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজিত অসম দিৱসৰ এই বিশেষ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ৷ অসমৰ খিলঞ্জীয়া লোকসকলৰ একত্ৰিকৰণৰ বাবে ১৩ শতিকাৰ আৰম্ভণিতেই তেখেতে 
যিখিনি পদক্ষেপ গ্ৰহণ কৰিছিল, তাৰ বাবে সমগ্ৰ জাতিটো চিৰদিন ঋণী হৈ ৰ'ব৷ আমি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে সদায়েই ঐক্য, সম্প্ৰীতিৰ এক পৰিৱেশত এটি পৰিয়ালৰ দৰে থাকি আহিছোঁ| ৰাষ্ট্ৰীয় ঐক্য, সংহতি তথা
অৰ্থনীতিলৈ আমাৰ বৰঙণি লেখতল'বলগীয়া বুলি ন দি কব পাৰোঁ৷ দেশৰ ৰাজধানীত 'অসম দিৱস' উদযাপন কৰিবলৈ লোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ৷ ইয়াৰ উদ্দেশ্য হৈছে অসমৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু গৌৰৱগাথাৰ সৈতে ভাৰতবাসীক 
চিনাকি কৰোৱা৷ ১৩ শতিকাত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ যেতিয়া অসমলৈ আগমন হৈছিল, তেতিয়া তেখেতে এই অঞ্চলৰ ভাষা, ধৰ্ম, সংস্কৃতি, খাদ্যাভাস আদিৰ সৈতে সম্পূৰ্ণৰূপে অপৰিচিত হোৱা স্বত্বেও কেনেদৰে ইয়াৰ স্থানীয় লোকৰ অন্তৰ 
জিনিবলৈ সক্ষম হৈছিল, সেয়া ভাবিলে মই পুলকিত হওঁ৷ এয়া এক গৱেষণাৰ বিষয়বস্তু হোৱা উচিত৷ সেই সময়ৰ অসম বুৰঞ্জীৰ বিষয়ে ভাৰতৰ অন্যান্য ঠাইৰ লোকসকলে জনাটো আমাৰ এই অঞ্চলৰ লোকৰ মানসিকতা বুজাত সহায়ক হ'ব৷ 
সদায়েই ঐক্যবদ্ধ হিচাপে থাকিব বিচৰাটো অসমীয়া জাতিৰ এটি স্বকীয় বৈশিষ্ট্য৷"
তুলিছে, সেই ব্যৱস্থা গঢ়াৰ বাট তাহানিতেই কাটি থৈ গৈছিল চাওলুং
চ্যুকাফাই| বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ এনাজৰীৰে বান্ধি আৰু সাত ৰাজ সামৰি এক ৰাজ কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়াৰ পথ তেখেতে প্ৰশস্ত কৰিছিল| তেখেতৰ কৰ্মকুশলতা, সুশাসন আৰু সমন্বয়ৰ আদৰ্শই এখন 
বিকশিত আৰু আত্মনিৰ্ভৰ অসম তথা ভাৰত গঢ়াৰ দিশত আমাক নিৰন্তৰ অনুপ্ৰাণিত কৰি থাকিব। জাতি-জনগোষ্ঠীৰ মহামিলনৰ সাঁকো, মহান আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ আজি 'অসম দিৱস'ত জনালোঁ সশ্রদ্ধ প্ৰণিপাত | চাওলুং চ্যুকাফাৰ 
আদর্শেৰে মাননীয় প্রধানমন্ত্রী মোদী ডাঙৰীয়াই সমন্বয় আৰু সুশাসনৰ জৰিয়তে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ ভেটি সুদৃঢ় কৰি আহিছে| চ্যুকাফাই সমাজৰ প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা, কৃষ্টি-সংস্কৃতিক
মান্যতা দিয়াৰ বাবেই বৰ অসমে এক নৱৰূপ পাইছিল | মোৰ সৌভাগ্য যে- মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে চৰাইদেউত ২০১৬ চনৰ ২ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে চাওলুং চ্যুকাফাৰ স্মৃতিত 'অসম দিৱস'ৰ আয়োজন কৰা হৈছিল| মাননীয় প্রধানমন্ত্ৰী 
ডাঙৰীয়াৰ সদিচ্ছা আৰু আন্তৰিকতাৰ ফলতে মহান আহোম স্বৰ্গদেউসকলৰ স্মৃতি বিজড়িত চৰাইদেউ মৈদামে
ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ'ল| এয়া আমাৰ জাতিটোৰ বাবে গৌৰৱৰ আৰু আনন্দৰ বতৰা] এই বিশ্ব ঐতিহ্যই আমাক অনাগত দিনবোৰত সততে সোঁৱৰাই থাকিব সমন্বয়ৰ শক্তিৰ
কথা] বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখি ছ্যুকাফাই বিকশিত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়িছিল, আমিও সেই নীতি মানি একেলগে আগবঢ়াৰ এয়াই উপযুক্ত ক্ষণ।"
'অসম দিৱস'ৰ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, আই চি এইচ আৰ দিল্লীৰ সদস্য সচিব ড° ওমজী উপাধ্যায়েও 'অসম দিৱস' ৰ তাৎপৰ্য দাঙি ধৰি জাতি গঠন তথা 
ৰাষ্ট্ৰ নিৰ্মাণৰ অনিৰুদ্ধ যাত্ৰাত চাওলুং চ্যুকাফাৰ প্ৰাসংগিকতা তথা অৰিহণাৰ সন্দৰ্ভত আলোকপাত কৰে |অনুষ্ঠানৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে|
আজি এই অসম দিৱসৰ শুভক্ষণত লগতে উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীদ্বয় পৱিত্ৰ মাৰ্ঘেৰিটা আৰু শান্তনু ঠাকুৰ, সাংসদসকল দিলীপ শ‍ইকীয়া, ৰামেশ্বৰ তেলী, ৰঞ্জিত দত্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জয়ন্ত বসুমতাৰী, কৃপানাথ মাল্লাহ, বিজুলী কলিতা মেধি, ভুৱনেশ্বৰ কলিতা
পৰিমল শুক্লবৈদ্য, প্ৰদান বৰুৱা, অমৰ সিং তিচু, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য জিতেন
হাজৰিকাৰ উপৰি ওমজী উপাধ্যায়, ৰাজীৱ সন্দিকৈ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।


 

Leave a Reply

Your email address will not be published. Required fields are marked *