...

ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী

Spread the love

ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী

ড° হাজৰিকাৰ সন্মানত মুকলি কৰিব বিশেষ স্মৃতি মুদ্ৰা

সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ নাম সলনি কৰি ‘ড. ভূপেন হাজৰিকা সমন্নয় তীৰ্থ’

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্পূৰ্ণ হ’বলগীয়া ভূপেন হাজৰিকাৰ সপোনৰ প্ৰতি উৎসৰ্গিত সংগ্ৰহালয় নিৰ্মাণঃ মুখ্যমন্ত্ৰী

 

দিছপুৰ:

জালুকবাৰীত নতুনকৈ নাম সলনি কৰা ড° ভূপেন হাজৰিকা সম্ন্নয় তীৰ্থত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ড° শৰ্মাই অসমবাসীৰ হৈ কিংবদন্তি শিল্পীগৰাকীক সন্মান জনোৱাত সুখ প্ৰকাশ কৰে। ড° হাজৰিকাৰ গীতসমূহে মনোৰঞ্জনক অতিক্ৰম কৰি সাধাৰণ জনতাৰ সংগ্ৰাম আৰু আকাংক্ষাক কঢ়িয়াই লৈ ফুৰিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই শ্ৰদ্ধাঞ্জলি এক প্রকাশিত প্রবন্ধৰ জৰিয়তেও স্বীকাৰ কৰি প্রধানমন্ত্রীয়ে স্মৃতিচাৰণ মুদ্রা প্রকাশ কৰাৰ লগতে ড০ হাজৰিকাৰ সম্পর্কে এখন গ্রন্থ উন্মোচন কৰিব, যিখন সকলো ভাৰতীয় ভাষালৈ অনুবাদ কৰি সমগ্ৰ অসমৰ মহাবিদ্যালয় আৰু পৰিয়ালত বিতৰণ কৰা হ’ব৷
মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে বছৰজোৰা উদযাপনৰ অংশ হিচাপে সমগ্ৰ অৰুণাচল প্ৰদেশ, মেঘালয়, কলকাতা, মুম্বাই, আৰু নতুন দিল্লীত অনুষ্ঠান অনুষ্ঠিত হ’ব, সামৰণি অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব। তেওঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° হাজৰিকাৰ উত্তৰাধিকাৰৰ প্ৰতি উৎসৰ্গিত সংগ্ৰহালয় নিৰ্মাণৰ কথাও ঘোষণা কৰে, যিটো এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।
ড০ শৰ্মাই অসমবাসীক ড০ হাজৰিকাৰ উত্তৰাধিকাৰ উদযাপন কৰি তেওঁৰ আদৰ্শৰ জৰিয়তে অসমীয়া পৰিচয় ৰক্ষা কৰিবলৈ আহ্বান জনায়। ব’হাগ বিহুৰ সময়ত অন্ততঃ এদিন তেওঁৰ অমৰ সৃষ্টিৰ প্ৰতি উৎসৰ্গা কৰিবলৈও পৰামৰ্শ দিয়ে।
মন্ত্ৰী, পণ্ডিত, পৰিয়ালৰ সদস্য, সাংস্কৃতিক কৰ্মীকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *