...

সন্তোষ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলতে স্তব্ধ ঘৰুৱা দল অসম

Spread the love

সন্তোষ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলতে স্তব্ধ ঘৰুৱা দল অসম

পূৰ্বৰ চেম্পিয়ন পশ্চিমবংগৰ বিদায়

চেমিফাইনেলত প্ৰবেশ ৰেলৱেৰ

ঢকুৱাখনা:

৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ পৰা আজি ঘৰুৱা দল অসমে কোৱাৰ্টাৰ ফাইনেল খেলত যোৱাবাৰৰ ৰানাৰ্চ আপ কেৰেলাৰ হাতত ০-৩ গলৰ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।চিলাপথাৰত অনুষ্ঠিত হোৱা খেলখনৰ প্ৰথম অৰ্ধত কেৰেলা দলৰ মনোজ এমে ১৭ মিনিটত কৰ্ণাৰৰ পৰা অহা বলক সহজ টেপইনৰ জৰিয়তে গল কৰি কেৰেলা দলক প্ৰথম অগ্ৰগতি দিয়ে । ৪৪মিনিটত মহম্মদ আজচলে দ্বিতীয়টো গল কৰি কেৰেলা দলক এক সুদৃঢ় ২ গলৰ অগ্ৰগতি দিয়ে ।দ্বিতীয় অৰ্ধত ময়ুখ গগৈ, প্ৰাঞ্জল ভূমিজ, ঋতুৰাজ মোহন আৰু সুদীপ্ত কোঁৱৰৰ আক্ৰমণৰ গতি বৃদ্ধি কৰি সুযোগৰ সৃষ্টি কৰিছিল যদিও সফলতা লাভ নকৰিলে । খেলৰ গতিৰ বিপৰীতে দ্বিতীয় অৰ্ধৰ ৯০+২ মিনিটত কেৰেলা দলৰ হৈ তৃতীয়টো তথা চূড়ান্ত গল কৰে আবুবকৰ দিলচাদে।ইয়াৰ লগে লগে কোৱাৰ্টাৰ ফাইনেলতে স্তব্ধ হৈ পৰে ঘৰুৱা দল অসম।ইফালে,ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত যোৱাবাৰৰ চেম্পিয়ন দল পশ্চিমবংগ দল চাৰ্ভিছেচ দলৰ বিৰুদ্ধে  খেলৰ নিয়মীয়া ৯০ মিনিট আৰু অতিৰিক্ত ৩০ মিনিট সময় গলশুন্যভাবে সমাপ্ত হোৱাৰ পিছত হোৱা পেনাল্টি শ্বুটআউটত পশ্চিমবংগ ৩-২ ব্যৱধানত পৰাজিত হয় ।এই শ্বুটআউটত চাৰ্ভিছেচ দলে প্ৰথমে অগ্ৰগতি লবলৈ সক্ষম হোৱাৰ বিপৰীতে পশ্চিমবংগ দলৰ প্ৰথম পেনাল্টি শ্বট গলপোষ্টৰ বাহিৰলৈ যায় তাৰ লগত  চাৰ্ভিছেচ দলৰ চাবষ্টিউট গলকীপাৰ মহম্মদ সন্তোষে দ্বিতীয় তথা পশ্চিমবংগ দলৰ অন্তিমটো পেনাল্টি শ্বট চেভ কৰি চাৰ্ভিছেচ দলক বিজয়ী কৰাই ।পশ্চিমবংগ দলৰ হৈ পেনাল্টি স্কৰ কৰে ৰবি হাসদা আৰু শ্যামল বেচেৰাই । পেনাল্টি মিছ কৰে ক্ৰমে চাকু মন্দি,  কৰণ ৰায় আৰু নাৰ’ হৰিয়ে । চাৰ্ভিছেচ দলৰ হৈ পেনাল্টি স্কৰ কৰে ক্ৰমে চেমুৱেল, অভিষেক আৰু বিজয় মাৰাণ্ডিয়ে । মিছ কৰে ক্ৰমে বিজয় আৰু ৱানদেন টামাঙে ।ৰাতিপুৱা ৯ বজাৰ পৰা ঢকুৱাখনাত আৰম্ভ হোৱা কোৱাৰ্টাৰ ফাইনেলত ৰেলৱে দলে ৰাজস্থান দলক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰে । প্ৰথম অৰ্ধ ০-০ স্কৰলাইনত শেষ হোৱাৰ পিছত দ্বিতীয় অৰ্ধৰ ক্ৰমে ৭৮ আৰু ৮৩ মিনিটত ৰেলৱে দলৰ  সৌৰভ আৰু  জনচন জ’চেফে দুটাকৈ গল কৰি চেমিফাইনেলত দলৰ স্থান নিশ্চিত কৰে।চিলাপথাৰত ৰাতিপুৱা ৯ বজাত পাঞ্জাৱ আৰু তামিলনাডুৰ মাজত কোৱাৰ্টাৰ ফাইনেলৰ নিয়মীয়া ৯০ মিনিট ১-১ স্কৰলাইনত সমাপ্ত হয় । প্ৰথম অৰ্ধৰ ৩৭ মিনিটত জটিন্দৰ সিং ৰানাই পাঞ্জাৱ দলক প্ৰথমে অগ্ৰগতি দিয়ে।দ্বিতীয় অৰ্ধত বক্সত কৰা এক হেণ্ডবলৰ বাবে তামিলনাডু দলে ৮২মিনিটত লাভ কৰা পেনাল্টিক কাৰ্যকৰী কৰি ৮৪মিনিটত ১-১ৰ সমতা স্থাপন কৰে তামিলনাডু দলৰ এম উমাশঙ্কৰে ।দ্বিতীয়টো গলৰ ১মিনিট নহওঁতেই পাঞ্জাৱ দলৰ অভিছেক ৰাট্টুই দ্বিতীয়খন হালধীয়া কাৰ্ড লাভ কৰি খেলপথাৰৰ বাহিৰলৈ যাব লগা হয় ।নিয়মীয়া ৯০ মিনিট ১-১ৰ স্কৰলাইনত সমাপ্ত হোৱাৰ পিছত  ১৫-১৫ মিনিটৰ এক্সট্ৰা  টাইমত কোনো এটা দলেই গল কৰিবলৈ সক্ষম নোহোৱাত  পেনাল্টি শ্বুটআউটলৈ খেলখন আগবাঢ়ে । পেনাল্টি শ্বুটআউটত পাঞ্জাৱ দলৰ গলীকপাৰ কৰণদ্বীপ সিঙে দুটাকৈ চেভ কৰে যাৰ ফলত ১-৪ৰ ব্যৱধানত এই শ্বুটআউটত পাঞ্জাৱ দল বিজয়ী হৈ চেমিফাইনেলত নিজৰ স্থান দখল কৰে ।প্ৰতিযোগিতাৰ চেমিফাইনেল খেলসমূহ ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *