Skip to content ডিব্ৰুগড় জিলাত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভণি
৬ টা বিধানসভা সমষ্টিত মুঠ হিতাধীকাৰীৰ সংখ্যা ১,৭৩,১৫৯
চাইন অন ডেস্ক:
মহিলা সবলীকৰণ, দৰিদ্ৰ আৰু দুৰ্বল পৰিয়াললৈ আৰ্থিক সুৰক্ষা প্ৰদানেৰে স্বাৱলম্বী কৰি তোলাৰ লগতে উন্নত জীৱনশৈলী গঢ় দিয়াৰ উদ্দেশ্যে ৰূপায়ণ কৰা অৰুনোদয় ৩.০ আচঁনিখনৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰে। অৰুণোদয় ৩.০ ৰ ৰাজ্যিক পৰ্যায়ৰ শুভ উদ্বোধন কাৰ্যসূচীৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো অসম চৰকাৰৰ এই ধ্বজাবাহী আচঁনিখনৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় জিলাৰ ৬টা বিধানসভা সমষ্টিত অৰুণোদয় ৩.০ আচঁনিৰ মুঠ যোগ্য হিতাধিকাৰী হৈছে ১,৭৩,১৫৯ গৰাকী। ইয়াৰে চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত ৩০,৯৬২ গৰাকী, ডিব্ৰুগড় বিধানসভা সমষ্টিত ২৮,৬১৭ গৰাকী, খোৱাং বিধানসভা সমষ্টিত ২৮,৩৬৩ গৰাকী, দুলীয়াজান বিধানসভা সমষ্টিত ২৭,৫২৪ গৰাকী, টিংখাং বিধানসভা সমষ্টিত ২৯,৬৯৫ গৰাকী আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত ২৭৯৯৮ গৰাকী। ডিব্ৰুগড় জিলাৰ ১২০০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত নিৰ্ধাৰিত স্থানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অৰুণোদয় ৩.০ আচঁনিৰ কেন্দ্ৰীয় শুভ উদ্বোধন কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

এই পোনপটীয়া সম্প্ৰচাৰ কাৰ্যসূচীত জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ জেষ্ঠ বিষয়া যেনে জিলা আয়ুক্ত, সম-জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, ৰাজহচক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অৰুনোদয় ৩.০ আচঁনিৰ হিতাধিকাৰীসকল আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, বিধৱা, ৪৫ বছৰ উৰ্ধৰ অবিবাহিতা, বিবাহ বিচ্ছেদিতা তথা অকলশৰীয়া মহিলাৰ লগতে তৃতীয় লিংগৰ ব্যক্তি, কোনো দিব্যাংগ ব্যক্তি থকা পৰিয়ালৰ মহিলা আৰু এইচ.আই.ভি /থেলাচেমিয়া /হিম’ফেলিয়া /চেৰিব্ৰেল পালচি/কুষ্ঠ /অটিজিম স্পেকটাম আদি বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীৰ লগতে ২ লাখতকৈ কম বাৰ্ষিক উপাৰ্জন হোৱা পৰিয়ালৰ মহিলাসকলক অৰুণোদয় ৩.০ আচঁনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে । এই অৰুণোদয় ৩.০ আচঁনিৰ অধীনত ৰাজ্যখনৰ ৩৮ লাখৰো অধিক অন্তোদয়া পৰিয়ালক প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ পক্ৰিয়াৰ যোগেদি মাহিলি ১২৫০ টকাকৈ সাহাৰ্য প্ৰদান কৰা হ’ব। ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাবে অধিক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এই আচঁনিখন এক উল্লেখনীয় পদক্ষেপ হিচাপে পৰিগণিত হ’ব।