চাৰি প্ৰয়াত সাংবাদিকৰ সোঁৱৰণীত ১৪ ডিচেম্বৰত চিত্ৰাংকন প্ৰতিযোগিতা ডিব্ৰুগড় গ্ৰন্থমেলাত
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ব্যাপক প্ৰস্তুতি
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ পৰা সংবাদ ক্ষেত্ৰৰ জৰিয়তে সমাজ জীৱনলৈ বৰঙণি ভ আগবঢ়াই যোৱা চাৰিজন বিশিষ্ট সাংবাদিকৰ সোঁৱৰণীত চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ
আয়োজন কৰা বাবে ব্যাপক প্ৰস্তুতি চলাইছে। ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু অসম পুথি প্ৰকাশন সন্থা আৰু বিক্ৰেতা সন্থাৰ সহযোগত আয়োজিত চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত ১৪ ডিচেম্বৰ দেওবাৰে পুৱা ১০ বজাৰ পৰা এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে। মুঠ চাৰিটা শাখাত অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিযোগিতা খনৰ ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ, খ’ শাখাত চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তম
শ্ৰেণীলৈ,গ’ শাখাত অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ, ঘ’ শাখাত দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ -ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব। আনহাতে ক’ ছাত্ৰ ছাত্ৰী সকলে নিজ ইচ্ছা অনুসৰি অংকন কৰিব পৰা লগতে খ’ শাখাৰ বাবে প্ৰকৃতি বিষয়ক,গ’ল শাখাৰ বাবে পৌৰাণিক কৃতিচিহ্ন আৰু ঘ’ শাখাৰ বাবে প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনৰ বাবে নিৰ্ধাৰণ কৰি দিছে। উল্লেখযোগ্য যে, ক- শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত সাংবাদিক আদিত্য শইকীয়াৰ সোঁৱৰণত, খ শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰয়াত শিল্পী সঞ্জীৱ নন্দী সোঁৱৰণীত, গ-শাখাত প্ৰথম পুৰস্কাৰ প্ৰয়াত প্ৰসিদ্ধ ফটো সাংবাদিক হৰি বিনোদ বাৰ্মা সোঁৱৰণী আৰু ঘ-শাখাত প্ৰয়াত জেষ্ঠ সাংবাদিক হেৰম্ব বৰদলৈ সোঁৱৰণীত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰদান কৰিব। পুৰস্কাৰ সমূহ গ্ৰন্থমেলাস্থলীতে অহা ১৯ ডিচেম্বৰত সন্ধিয়া ৬-৩০ বজাত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বাৰা অনুষ্ঠিত হ’ব লগা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিব বুলি জানিবলৈ দিছে।আনহাতে ক- শাখা আৰু খ-শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰাপকক ডিব্ৰুগড় ডাক বিভাগৰ জৰিয়তে ল’ৰা হ’লে পিপিএফ একাউণ্ট আৰু ছোৱালী হ’লে সুকন্যা সমৃদ্ধি যোজঁনাৰ এটাকৈ একাউণ্ট পুৰস্কাৰ বিতৰণ অনুষ্ঠানতে খুলি দিব বুলি জানিবলৈ দিছে। উক্ত চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে কাগজ উদ্যোক্তা সকলে যোগান ধৰাৰ লগতে কোনো যোগদান মাছুল নাই বুলি জানিবলৈ দি ইচ্ছুক সকলক দেওবাৰে পুৱা ১০ বজাত উপস্থিত হ’বলৈ অনুৰোধ জনাইছে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।