এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ বিস্ফোৰণ
ছিংগাপুৰত শ্যামকানু-সিদ্ধার্থ-টাৰছেম-প্রবাসী অসমীয়াই বহিঃশক্তিৰে হত্যা কৰিছিল জুবিনক!
*গুৱাহাটী:*

হিমন্ত বিশ্ব শৰ্মাই প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা বুলি আগবঢ়োৱা ভাষ্যৰ প্ৰসংগ টানি আনি এপিডব্লিউব সভাপতি শর্মাই এক বিবৃতিত কয় যে হয়, মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে আমিও ভাবোঁ ছিংগাপুৰত জুবিন গাৰ্গক পৰিকল্পিতভাবে হত্যা কৰা হৈছিল। এক বিশেষ ৰণনীতি তৈয়াৰ কৰি ছিংগাপুৰত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, টাৰছেম মিট্রাল আৰু প্রবাসী অসমীয়াসকলৰ লগত মিলি বহিঃশক্তিয়ে হত্যা কৰিছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ হত্যাকাণ্ডক পাকিস্তানৰ চোৰাংচোৱা আইএছআই আৰু বাংলাদেশৰ মৌলবাদী শক্তি প্রত্যক্ষভাবে জড়িত থকাৰ তেওঁ সন্দেহ ব্যক্ত কৰে। এই সন্দর্ভত তেওঁ কয় যে বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই অন্তর্বর্তী চৰকাৰৰ আমোলত ভাৰতবিৰোধী শক্তিৰ উত্থান ঘটিছে। চিকেন নেকৰ ইছ্যুৱে মহম্মদ ইউনুছে মুকলিকৈ ভাবুকি দিছে ভাৰতক। আনকি চীনলৈ গৈ অন্তর্বর্তী চৰকাৰৰ মুৰব্বীজনে চিকেন নেক সম্পর্কত বিতর্কিত মন্তব্য কৰি চীনক উত্তৰ-পূব ভাৰত আক্রমণৰো উচটনি দিছিল। কিন্তু ভাৰতৰ শক্তিশালী স্থিতিত সেও মানি অন্যভাৱে উত্তৰ-পূর্বাঞ্চল অশান্ত কৰাৰ অপচেষ্টা অব্যাহত ৰাখিছে ইউনুছ চৰকাৰে। শেহতীয়াভাৱে বাংলাদেশভিত্তিক কেইবাটাও জেহাদী সংগঠনৰ সদস্যক স্পেচিয়েল টাক্স ফ’চে গ্রেপ্তাৰ কৰাৰ পাছত ন’বেল বিজয়ী মহম্মদ ইউনুছৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে। এপিডব্লিউৰ সভাপতিজনে দাবী কৰা মতে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এটা অশুভ শক্তি গা কৰি উঠিছে আৰু অসম অশান্ত কৰাৰ চেষ্টা কৰিছে। কিয়নো প্রতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে সোমাই থকা লোকক হত্যা কৰি অসম অশান্ত কৰাৰ ব্লু-প্রিন্ট প্রস্তুত কৰিছিল বাংলাদেশ, পাকিস্তান আৰু আইএছআয়ে। এইক্ষেত্ৰত তেওঁলোকৰ সহজ টার্গেট আছিল জুবিন গাৰ্গ। আমাৰ সন্দেহ হয়, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতেই অসম উত্তপ্ত হৈ উঠে। প্রাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ পাছতেই একাংশ লোকে জুবিনপ্রেমী হৈ আত্মপ্রকাশ কৰিছিল। সৰুসজাই স্টেডিয়াম-সোণাপুৰৰ জুবিন ক্ষেত্রলৈ সোঁত বৈছিল অজস্র অচিনাকি লোকৰ। ছ’চিয়েল মিডিয়াত নামে-বেনামে অজ্ঞাত লোকে অসমীয়াক আকৌ এবাৰ ৰক্তক্ষয়ী কৰাৰ অভিসন্ধি ৰচাৰো অভিযোগ উত্থাপন কৰি এপিডব্লিউৰ সভাপতি শর্মাই পুনৰ কয় যে ফেচবুকত হিন্দুৰ দীপাৱলীক লৈ ইছলামিক মোল্লাই তির্যক মন্তব্য কৰিছে। এনেধৰণৰ পৰিঘটনাই কি সূচায়? এনে প্রেক্ষাপটত জুবিন গাৰ্গৰ বিষয়টো সহজভাবে ন’লৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক উচ্চস্তবীয় তদন্তৰ দাবী উত্থাপন কৰিছে। এইক্ষেত্রত বিষয়টো ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈও তেওঁ আহ্বান জনায়। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এপিডব্লিউৰ সভাপতি শর্মা আৰু পলাশ ৰঞ্জন বৰুৱাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দর্ভত ৪৬/২০২৫ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছে। এই লেখ আবেদনখনৰ প্ৰসংগ উল্লেখ কৰি এপিডব্লিউৰ সভাপতি শর্মাই কয় যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়াটত থকাসকলক কেৱল সোধা-পোছা কৰিলেই নহ’ব। য়াটত থকা প্রবাসী অসমীয়া অভিমন্যু তালুকদাৰ, সুস্মিতা গোস্বামী, অনুজ বৰুৱা, তন্ময় ফুকন, দিব্যজ্যোতি হাজৰিকা, সিদ্ধার্থ বৰা, পৰীক্ষিত শর্মা, ভাস্কৰ দত্ত, প্রীতম ভূঞা, জয় লংছাট নাৰ্জাৰী, ৰূপকমল কলিতা আৰু ব্রাজিদ আহমেদক তদন্তৰ আওতালৈ আনিবই লাগিব। একেদৰে জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্রাল আৰু শ্যামকানু মহন্তৰ পত্নী তথা ট্রেন্ট এম এম এছৰ সঞ্চালক অনিতা ডেকা মহন্তকো উচ্চস্তৰীয় তদন্তৰ আওতালৈ আনিব লাগে। সৰসজাইত প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ ৰখাৰ সময়ত আৰু জুবিন ক্ষেত্রলৈ প্রতিদিনে সোঁত বোৱা অচিনাকি লোক তথা ছ’চিয়েল মিডিয়াত প্রৰোচনামূলক পোষ্ট দিয়া অচিনাকি লোকসকল কাৰ এজেন্ট আছিল, সেয়া অসমৰ প্রতিগৰাকী লোকে জনাৰ অধিকাৰ আছে। এইসকলক কোনে ক’ৰ পৰা কি স্বার্থত কেনেকৈ ব্যৱহাৰ কৰিছে আমি জানিব লাগে। জুবিন গাৰ্গ কেবল এটা নাম নহয়, তেওঁ এখন অসমীয়া সমাজ-অসমৰ পৰিচয়। সেয়েহে জুবিন গাৰ্গৰ হত্যাৰ নিখুঁত তদন্ত হ’বই লাগিব।