...

ডিব্ৰুগড়ত ৮ জুনত এ পি এছ চি প্ৰিলিমৰ সুস্থ পৰিচালনাৰ বাবে কন্ট্ৰল ৰুম স্থাপন

Spread the love

চাইন অন ডেস্কঃ

অহা ৮ জুন, ২০২৫ (দেওবাৰ) অনুষ্ঠিত হ’বলগীয়া এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাথমিক) পৰীক্ষা ২০২৪ সুচাৰুৰূপে আৰু সুদক্ষভাৱে পৰিচালনাৰ বাবে—ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ আৰু দুপৰীয়া ২:০০ বজালৈ বিয়লি ৪:০০ বজালৈ—জিলা আয়ুক্তৰ কাৰ্যালয়ত এটা নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।
পৰীক্ষাৰ দিনা পুৱা ৭:০০ বজাৰ পৰা সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে নিয়ন্ত্ৰণ কক্ষ চলি থাকিব।প্ৰশাসনিক সমন্বয়ৰ তদাৰক কৰাৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাত যাতে মুক্ত আৰু ন্যায্যভাৱে পৰীক্ষা অনুষ্ঠিত হয় তাৰ ব্যৱস্থা কৰা হৈছে।
নিৰ্দেশ অনুসৰি ডিব্ৰুগড়ৰ সহকাৰী আয়ুক্ত জুৰি দলেক(এচিএছক) দায়িত্বত থকা দণ্ডাধীশ হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁক সহায় কৰিব-
দিপাংকৰ দত্ত, ডিপিঅ’, এছএছএ, ডিব্ৰুগড় ; মনোজ হাজৰিকা,এছ ডি এ এ, ডি চি অফিচ, ডিব্ৰুগড়;কৃষ্ণ কান্ত ৰাজখোৱা, জে ডি এ এ, ডি চি অফিচ, ডিব্ৰুগড়;শান্তনু চক্ৰৱৰ্তী, জে কে, ডি চি অফিচ, ডিব্ৰুগড়।
সমন্বয়ৰ উদ্দেশ্যে চাৰিটা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ প্ৰদান কৰা হৈছে: ৮৬৩৮৩৬১৯২৪, ৯১০১৫৯৩৫৫২, ৭০০২৬২৩৬৮৭, আৰু ৯৯৫৪৪৮১৪১৮
সংঘামিত্ৰা বৰুৱা, এ চি এছ, অতিৰিক্ত জিলা উপায়ুক্ত আৰু ন’ডেল বিষয়া, চি চি (প্ৰিলিম) পৰীক্ষা, ২০২৪, ডিব্ৰুগড়ত; দণ্ডাধীশ আৰু কৰ্মচাৰীসকলক ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *