ভাৰতীয় নিৰ্বাচন আয়োগৰ পদক্ষেপ
ডিব্ৰুগড়ত নিৰ্বাচনী জিলাৰ বাবে পৰ্যবেক্ষক নিয়োগ
চাইন অন ডেস্ক:

সাধাৰণ ৰাইজ, ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে তেওঁলোকৰ কিবা আবেদন বা অভিযোগ থাকিলে তলত উল্লেখ কৰা বিৱৰণ অনুসৰি ডিব্ৰুগড় আৱৰ্ত ভৱনত পৰ্যবেক্ষকসকলক সাক্ষাৎ কৰিব পাৰিব।
পৰ্যবেক্ষকসকলৰ দায়িত্ব আৰু যোগাযোগৰ সবিশেষ: টি. এন. ভেংকটেশ, ৮৭-চাবুৱা-লাহোৱাল, ৮৮-ডিব্ৰুগড় আৰু ৮৯-খোৱাং সমষ্টিৰ বাবে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।তেওঁৰ যোগাযোগৰ নম্বৰ হ’ল 7002672782 আৰু প্ৰতিদিনাই পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৰাইজৰ বাবে উপলব্ধ হ’ব।

ৰাজেন্দৰ কুমাৰ মীনা(আইপিএছ) সমগ্ৰ ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা সমষ্টিৰ বাবে আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ যোগাযোগৰ নম্বৰ হ’ল 9395988968 আৰু তেওঁ প্ৰতিদিনাই পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৰাইজৰ বাবে উপলব্ধ হ’ব।
পৃথ্বীৰাজ (আইআৰএছ) ৯০-দুলীয়াজান, ৯১-টিংখং আৰু ৯২-নাহৰকটীয়া সমষ্টিৰ বাবে ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ যোগাযোগৰ নম্বৰ হ’ল 6000501796 আৰু প্ৰতিদিনাই পুৱা ১০ বজাৰ পৰা ১১ বজালৈ ৰাইজৰ বাবে উপলব্ধ হ’ব।
আদৰ্শ তিৱাৰী (আইআৰএছ) ৮৭-চাবুৱা-লাহোৱাল, ৮৮-ডিব্ৰুগড় আৰু ৮৯-খোৱাং সমষ্টিৰ বাবে ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ যোগাযোগৰ নম্বৰ হ’ল 6000475677 আৰু প্ৰতিদিনাই পুৱা ১০ বজাৰ পৰা ১১ বজালৈ ৰাইজৰ বাবে উপলব্ধ হ’ব।
উক্ত আটাইকেইজন বিষয়াই নিৰ্বাচনৰ সময়ছোৱাত ডিব্ৰুগড় আৱৰ্ত ভৱনত বাহৰ পাতিব আৰু নিৰ্ধাৰিত সময়ত জনসাধাৰণৰ ওজৰ-আপত্তি গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰচাৰ কোষে সদৰী কৰিছে।