...

অসম প্ৰদেশ কংগ্ৰেছত হব ধুমুহা ?

Spread the love

অসম প্ৰদেশ কংগ্ৰেছত হব ধুমুহা ?

কোন কোন হব গৌৰৱৰ ঘনিষ্ঠ ?
প্ৰথম তিনিজনক নিযুক্তি গৌৰৱ গগৈৰ

চাইন অন ডেস্কঃ

পাকিস্তান লিংকৰ বিতৰ্কক আওকাণ কৰি কংগ্ৰেছ হাইকমাণ্ডে ২৭ মে’ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিলে গৌৰৱ গগৈক । সভাপতি সলনি হ’ল যেতিয়া কংগ্ৰেছৰ ৰাজীৱ ভৱনতো কিছু সলনি হ’ব ৷ ৰাজীৱ ভৱনৰ সভাপতিৰ কাৰ্যালয় এতিয়াৰ পৰা শুৱনি কৰিব গৌৰৱ গগৈয়ে । সলনি হ’ব নতুন সভাপতিৰ যুদ্ধৰ মূল দল ৷

পিছে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ যুঁজৰ বাবে নতুনকৈ গৌৰৱ গগৈয়ে যে নিজৰ মন পচন্দৰ এটা দল গঢ়ি তুলিব সেয়া নিশ্চিত । কিন্তু কোন কোন থাকিব ‘টীম গৌৰৱ’ত ? বৃহস্পতিবাৰে গৌৰৱ গগৈয়ে নিযুক্তি দিছে টীম গৌৰৱৰ প্ৰথম তিনিজনক । টীম গৌৰৱত কোন এই প্ৰথম তিনিজন ?

বৃহস্পতিবাৰে সভাপতি গৌৰৱ গগৈৰ লগত সংলগ্ন কৰা হৈছে তিনিগৰাকীকৈ যুৱনেতাক ৷ এ পি চি চিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল কুমাৰ গগৈয়ে জাননীযোগে এই ঘোষণা কৰিছে । সাধাৰণতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগত সংলগ্ন নেতাসকলে কাৰ্যালয় পৰিচালনাৰ পৰা আৰম্ভ কৰি প্ৰশাসনীয় তথা গুৰুত্বপূৰ্ণ সকলো কাম-কাজেই পৰিচালনাত জড়িত হয় । সভাপতি গৌৰৱ গগৈৰ লগত সংলগ্ন কৰা এই তিনিগৰাকী যুৱ নেতা হ’ল —

প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে জনায়, “এ পি চি চিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশনা অনুসৰি তিনিওগৰাকী যুৱনেতাকেই সভাপতিৰ লগত সংলগ্ন কৰা হৈছে ।” উল্লেখযোগ্য যে, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ আৰু উদিতভানু দাস দুয়োজনেই মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত সংলগ্ন আছিল । আনহাতে যুৱনেতা মেঘনাথ চেত্ৰী কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ সাংসদ হৈ থকা কালৰে পৰা গৌৰৱ গগৈৰ আস্থাভাজন আৰু ঘনিষ্ঠ বুলি পৰিচিত ।

উল্লেখ্য যে সভাপতি নিযুক্ত হোৱাৰ পিছত এতিয়াও গৌৰৱ গগৈ অসমলৈ অহা নাই ৷ নতুন দিল্লীত থকা গৌৰৱ গগৈয়ে অহা ৩১ মে’ত অসমলৈ উভতিব । সভাপতি হোৱাৰ পিছত গুৱাহাটীলৈ নাহি পোনে পোনে গৌৰৱ গগৈ উপস্থিত হ’ব যোৰহাটত । ৩১ তাৰিখে যোৰহাট-তিতাবৰ-টীয়ক আদিত কেইবাটাও দলীয় কাৰ্যসূচীত ভাগ ল’ব গৌৰৱ গগৈয়ে । ১ আৰু ২ জুনত শিৱসাগৰ, নাজিৰা আৰু নগাঁৱত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰ সৈতে মিলিত হ’ব গৌৰৱ গগৈ ৷ তাৰ পিছতহে গৌৰৱ গগৈ উপস্থিত হ’ব গুৱাহাটীত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *