বগীবিলত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী
তিনি শতাধিকৰ যোগদান
CAA দৰে আইনৰ বাবেই অসম জাতীয় পৰিষদৰ জন্ম:লুৰিন
চাইন অন ডেস্ক:
দেওবাৰে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বগীবিল জগলনী গ্ৰাণ্টত অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ এখন দলীয় যোগদান সভা সমষ্টিৰ সভাপতি বৰুণ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈ যায়।অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ উদ্যোগত অনুষ্ঠিত যোগদান কাৰ্যসূচীৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তি, অসম ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিশ্বজিৎ বৰাই অসম জাতীয় পৰিষদৰ সভালৈ অহা ৰাইজক আদৰণি সম্ভাষণ জনোৱাৰ উপৰিও অসমৰ সমাজ তথা জাতীয় জীৱনত যি সকল মহান মনিষীয়ে ত্যাগ স্বীকাৰ কৰি সেৱা আগবঢ়ায় থৈ গৈছে তেখেত সকলক স্মৰণ কৰে আৰু অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমন্বয় তথা দিহা পৰামৰ্শৰে অসম জাতীয় পৰিষদ আঞ্চলিক দলটো আগুৱাই যোৱাৰ ক্ষেত্ৰত সহযোগিতা কামনাৰে আহ্বান জনায়।
সভাত বিশিষ্ট অতিথিৰ ভাষণত বৰবৰুৱা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান জামিৰা টাণ্টিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেশ্বৰ গগৈয়ে বৰ্তমান চৰকাৰে কাম কৰি যদিও চৰকাৰৰ মন্ত্ৰী সকলে চৰকাৰী ধনৰ মুনাফা আদায় কৰি আহিছে বুলি প্ৰকাশ কৰে আৰু বৰ্তমান অসমৰ এগৰাকী শক্তিশালী যুৱকণ্ঠ হিচাপে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সততাৰে সজোৰে দুৰ্নীতিৰ বিৰুদ্ধে,অন্যায়ৰ বিৰুদ্ধে,ভষ্টাচাৰ,স্বৈৰাচাৰৰ বিৰূদ্ধে,অসমৰ জনগণৰ সৰ্বাংগীন ন্যায্য প্ৰাপ্তিৰ হকে , সুৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদী ধাৰা বহন কৰা যুৱনেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক খোৱাং সমষ্টিৰ জনপ্ৰতিনিধি ৰূপে নিৰ্বাচিত কৰাৰ সন্দৰ্ভত সকলো ৰাইজৰ প্ৰতি আহ্বান জনায়।
সভাত অন্য এগৰাকী দীপামণি চেতিয়াই চৰকাৰৰ হেঁচাত অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ ওলাই আহিবলৈ সংকুচ কৰে যদিও আজি সদলবলে ৰাইজ ওলাই আহি অসম জাতীয় পৰিষদ দলটোক সাংগঠনিক স্থিতি শক্তিশালী ৰূপত ভেটি গঢ়িবলৈ অনুপ্ৰেৰণা আৰু উৎসাহিত কৰিছে ই আমাৰ বাবে সোভাগ্য বিষয় বুলি প্ৰকাশ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ অহা ৰাইজক আদৰণি জ্ঞাপন কৰে।সভাত সমাজকৰ্মী ৰেৱ গোহাঁইয়ে আগন্তুক ২০২৬চনৰ বিধানসভাৰ নিৰ্বাচনত সকলোৱে একত্ৰিত হৈ মাৰবান্ধি অসম জাতীয় পৰিষদক শক্তিশালী কৰিবলৈ গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কৃষক শক্তিৰ সাংগঠনিক সম্পাদক বিজিত মাউতে অসমত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক আগন্তুক-২৬ৰ নিৰ্বাচনত জয়ী কৰাবলৈ দলে বলে সহযোগ কৰিবলৈ , জাতীয় যুৱ শক্তি অসম, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক স্বাক্ষৰ জ্যোতি বৰগোহাঁইয়ে আগন্তুক নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰতি খোৱাং সমষ্টিৰ ৰাইজৰ আস্থা, বিশ্বাসৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি আগন্তুক নিৰ্বাচনত লুৰীণজ্যোতি গগৈক খোৱাং সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত কৰাৰ সন্দৰ্ভত ৰাইজৰ প্ৰতি আহ্বান জনায়।সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সভাত উপস্থিত-জ্যেষ্ঠ,আইমাতৃ,যুৱক আদি সকলোকে সম্বোধন কৰি সভাত উপস্থিত সকলক অভিনন্দন জ্ঞাপন কৰি দিয়া ভাষণত অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ জীৱন সম্পত্তিৰ নিৰাপত্তা,কৃষ্টি -সংস্কৃতিৰ সুৰক্ষা,মাটি ভেটিৰ সুৰক্ষিত কৰা, অসমৰ জনগণে সবাতো প্ৰকাৰে জাতীয় জীৱনৰ নিৰাপত্তা, অসমৰ বান খহনীয়া সমস্যাৰ স্থায়ী সমাধান, বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে পৰিগণিত কৰাকে ধৰি জনতাৰ ন্যায্যতাৰ অসম জাতীয় পৰিষদে প্ৰতিবাদী কণ্ঠৰে মাতি আহিছে,মাত মাতি যাব,অসম জাতীয় পৰিষদে কাৰ দৰে আইনৰ বিৰুদ্ধে সদায় বিৰোধিতা কৰি প্ৰতিবাদ জনাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰি যাব, কোনোপধ্যেই অসমত কা আইনৰ সুৰঙাৰে বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহব বুলি প্ৰকাশ কৰে।ভাষণ প্ৰসঙ্গত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে কাৰ দৰে আইনৰ বাবেই অসম জাতীয় পৰিষদৰ জন্ম হৈছে, অসমৰ জগণৰ স্বাভিমান তথা জনসাধাৰণৰ জীৱনৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক সুৰক্ষা, নিৰাপত্তা ক্ষেত্ৰত অসম জাতীয় পৰিষদৰে সদায় জনসাধাৰণৰ স্বাৰ্থত প্ৰতিবাদী ধাৰা বহন কৰি যাব, জাতীয় সমস্যাক লৈ কেতিয়াও আপোচ নকৰে বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰি বৰ্তমান অসম চৰকাৰে মাটিৰ পট্টা দিম বুলি নিদিলে,মাইক্ৰ ফাই নাচৰ ঋণ ৰেহাই দিম বুলি ঠগ প্ৰবঞ্চনা কৰিলে তীব্ৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত বৰশীৰ টোপ দি ভোট লোৱাৰ প্ৰৱণতাৰ পৰা জনসাধাৰণক সচেতন হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।সভাত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ভাস্কৰ সন্দিকৈ প্ৰমুখ্যে সমাজসেৱক পাৰ্থ গগৈ সমন্বিতে কেবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে উক্ত সভাত বগীবিল অঞ্চলৰ বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠন তথা সৰ্বসাধাৰণ লোককে ধৰি তিনি শতাধিক অসম জাতীয় পৰিষদ দলত যোগদান কৰে।অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলত যোগদান কৰা সকলোকে দলীয় গামোচা পৰিধান কৰাই অসম জাতীয় পৰিষদ দললৈ আদৰণি জনায়। সভাৰ শেষত জাতীয় সংগীত পৰিবেশন কৰি সভা ভংগ কৰে।