...

কাব্য গুৰু ড° অজিত দত্তলৈ “বৈষ্ণৱ প্ৰাণ বঁটা ২০২৫”

Spread the love

 

 

কাব্য গুৰু ড° অজিত দত্তলৈ “বৈষ্ণৱ প্ৰাণ বঁটা ২০২৫”

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মদাৰখাট মৌজাৰ হাটখোলা গাঁৱৰ সৰবৰহী সমাজহিতৈষী ব্যক্তি বিশিষ্ট কবি সাহিত্যিক তথা লোক সংস্কৃতিৰ সাধক কাব্য গুৰু ড° অজিত দত্তক তেখেতৰ সাহিত্য সাংস্কৃতিক দিশৰ অনবদ্য অৱদানৰ বাবে যোৱা ৪নবেম্বৰত মাজুলীৰ নতুন কমলাবাৰী ৰাস মহোৎসৱ সমিতিয়ে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ গুৰু দক্ষিণ কুলীয়া আতৈ পুৰুষৰ বঢ়াৰ বুঢ়াভকত প্ৰয়াত ৰূপৰাম বুঢ়াভকতৰ সোঁৱৰণত”বৈষ্ণৱ প্ৰাণ বঁটা ২০২৫” প্ৰদান কৰে।লগতে ড°অজিত দত্তক উক্ত ৰাস মহোৎসৱ উদ্বোধকৰ দায়িত্ব পালন কৰি ডঃ দত্তই তেখেতে উদ্যোক্তা সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
কবি ড° অজিত দত্তৰ
ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থ সম্ভাৰ হৈছে ……
নামী ধানৰ ছাউনি,অপূৰ্ণ পিপাসা,গছি ধানৰ গেজেৰা,তুলাপাতত তুলিকাৰ তুহিন,বৰশী,উৰ্মিলা,মোৰ পিৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰেই প্ৰতিচ্ছবি,তোমাৰ বনকীয়া বুকুৰ চেনেহুৱা চাদৰখন শীৰ্ষক (কাব্য গ্ৰন্থ) সহিতে সাহিত্য সংস্কৃতিৰ অন্বেষণ,সাহিত্য সংস্কৃতিৰ মুকুৰ,সংস্কৃতিৰ সাৱয়ব শীৰ্ষক (প্ৰবন্ধ সংকলন) আৰু গজলীয়া বৰষুণজাকৰ পাছত শীৰ্ষক (গল্প সংকলন),আহ্(একাংকিকা নাট),অনুভৱৰ অন্তঃসলিলা(এক হৃৎ গাথা)।
ইয়াৰ উপৰিও ড°অজিত দত্তৰ কাব্য সাহিত্যৰ অনবদ্য সৃষ্টিৰাজীৰ বাবে অসম তথা পশ্চিম বংগৰ বিভিন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা কাব্য কেশৰী,কাব্য সৌদামিনী,কাব্য সুধা,কাব্য পুৰুষ,কাব্য বাগীশ,কাব্য সুধাকৰ,কাব্য ৰত্ন,কাব্য সূৰী,কাব্য মহৰ্ষি,কাব্য গুৰু আদি অলেখ উপাধিৰে বিভূষিত হৈছে।এইজনা মহান কাব্য গুৰু ড°অজিত দত্ত চাকৰি সূত্ৰে অস্থায়ী ভাৱে তিনিচুকীয়াৰ চলিহা নগৰ নিবাসী আৰু জন্ম সূত্ৰে ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ হাটখোলা গাৱঁৰ প্ৰয়াত শিক্ষাবিদ হেমচন্দ্ৰ দত্ত আৰু প্ৰয়াত প্ৰধান শিক্ষয়িত্ৰী দীপেশ্বৰী দত্তৰ মাজু পুত্ৰ।
ড° দত্ত দেৱৰ এই বঁটা প্ৰাপ্তিত সমগ্ৰ মদাৰখাত বাসী উৎফুল্লিত হৈ তেখেতক অজস্ৰ শুভকামনা জনোৱাৰ লগতে তিনিচুকীয়া বাসীও গৌৰৱান্বিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *