...

আকাশৰ মাজভাগত বিমানৰ কাৰিকৰী সমস্যা !

Spread the love

 

 

আকাশৰ মাজভাগত বিমানৰ কাৰিকৰী সমস্যা !

 

 

জৰুৰীকালীন ব্যৱস্থাৰে উভতি গল গুৱাহাটীলৈ
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানৰ বিজুতি!

 

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান মোহনবাৰী বিমানবন্দৰত অৱতৰণৰ কিছু সময়ৰ পূৰ্বে এক কাৰিকৰী বিজুতি ধৰা পৰে।তেতিয়াই পাইলটে তাৎক্ষণিক ভাবে গুৱাহাটীলৈ উভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু গুৱাহাটীলৈ উভতি আহে।

জানিব পৰা অনুসৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিনৰ ১২.২০ বজাত IX-1186 নামৰ বয়িং ৭৩৭ মেক্স ৮ বিমানখনে উৰণ আৰম্ভ কৰি ডিব্ৰুগড়ত ১.২৫ বজাত অৱতৰণ কৰাৰ কথা আছিল।কিন্তু বিমানখনে গন্তব্যস্থানৰ কাষ চাপি অহাৰ লগে লগে বিমানৰ ক্ৰুৱে এটা উইংত(বিমানৰ পাখি)এক বিজুতি ধৰা পেলায়, যাৰ ফলত তৎক্ষণাত মোহনবাৰী বিমানবন্দৰত অৱতৰণৰ সিদ্ধান্ত বাতিল কৰা হয়।

শেষত পাইলটসকলে সাৱধানতা অৱলম্বন কৰি বিমানখন মোহনবাৰীত অৱতৰণ নকৰি ঘূৰাই নিৰাপদে গুৱাহাটীলৈ উভতি যায়। য’ত স্থল অভিযন্তাসকলে বিমানখনৰ বিস্তৃত পৰিদৰ্শন কৰে। কাৰিকৰী সমস্যা চিনাক্তকৰণৰে পুনৰবাৰ বিমানখন প্ৰস্থানৰ বাবে মুকলি কৰি দিয়া হয়।

ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক স্বপন সৰকাৰে জানিবলৈ দিয়া মতে, ‘কাৰিকৰী সমস্যাৰ পিছতে বিমানখন সতৰ্কতামূলক ব্যৱস্থা হিচাপে গুৱাহাটীলৈ উভতি আহিছিল।ইঞ্জিনিয়াৰিং দলটোৱে সম্পূৰ্ণ মূল্যায়ন কৰি বিমানখন উৰণৰ বাবে অনুমোদন জনাই।পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা IX-1186 বিমানখন যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৬.২০ বজাত নিৰাপদে

ডিব্ৰুগড়ৰ মোহনবাৰীত উপস্থিত হয়।’

তেওঁ লগতে কয় যে গুৱাহাটীলৈ উভতি যোৱাৰ সময়ত সকলো সুৰক্ষা প্ৰট’কল অনুসৰি লোৱা হয়।
এই ঘটনাৰ ফলত, ডিব্ৰুগড়ত প্ৰায় পাঁচ ঘণ্টা পলমকৈ অৱতৰণ কৰে।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী মুখপাত্ৰই কয়, ‘আমাৰ এখন বিমান কাৰিকৰী সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি গ’ল।আমি বিকল্প বিমানৰ ব্যৱস্থা কৰিলোঁ, অতিথিসকলক সতেজ খাদ্য যোগান ধৰিলোঁ আৰু পলমকৈ বিমানখন পৰিচালনা কৰিলোঁ।অসুবিধাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো।’

Leave a Reply

Your email address will not be published. Required fields are marked *