ডিব্ৰুগড়ত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ
চাইন অন ডেস্ক:
কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থা (আটমা), ডিব্ৰুগড় জিলাৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়াকৈ “কৃষক মেলা” অনুষ্ঠিত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত এই মেলাত পুৱাৰে পৰা জিলাখনৰ বহু সংখ্যক কৃষকৰ উপস্থিতি লক্ষ্য কৰা যায়।

অনুষ্ঠানত উদ্যমী কৃষকসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা লাভ কৰা কৃষকসকল হৈছে— সুনিল সিং, অনিমা দত্ত,
আবেলি অনুষ্ঠিত “কেচুসাৰ আৰু ইয়াৰ উপকাৰিতা” শীৰ্ষক আলোচনা চক্ৰত উপস্থিত বিশেষজ্ঞ কৃষি বিজ্ঞানীসকলে কয় যে, বৰ্তমান সময়ত ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগে মাটিৰ গুণাগুণ আৰু উৰ্বৰতা হ্ৰাস কৰাৰ লগতে পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাইছে। ফলস্বৰূপে বিভিন্ন ৰোগ-ব্যাধিৰ প্ৰৱণতাও বৃদ্ধি পাইছে। সেই পৰিপ্ৰেক্ষিতত কৃষকসকলক অধিক পৰিমাণে জৈৱিক পদ্ধতিৰে খেতি কৰাৰ লগতে জৈৱিকভাৱে উৎপাদিত শাক-পাচলি গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।
