...

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কৃষি প্রশিক্ষণ

Spread the love

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কৃষি প্রশিক্ষণ

ভজো ৰংছোৱাল চাংমাই গাঁৱত দুদিনীয়া কৰ্মশালাৰ সফল সামৰণি

চাইন অন ডেস্ক:

আকাশবাণী ডিব্ৰুগড় কেন্দ্রই বহনক্ষম, আত্মনিৰ্ভৰ, স্বাৱলম্বী কৃষি ব্যৱস্থাপনাৰ লক্ষ্যৰে প্ৰযোজনা কৰি অহা ‘সুষমা বসুন্ধৰা’ শীর্ষক অনুষ্ঠানটোৰ উদ্যোগত আৰু চৰাইদেউ জিলা ভজো ৰংছোৱাল চাংমাই গাঁৱৰ কৃষক ৰাইজৰ সহযোগত ১৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কৃষি প্রশিক্ষণ কর্মশালাৰ কালি সফল সামৰণি পৰে। স্থানীয় শ্রীমন্ত শংকৰদেৱ সংঘ, বংছোৱাল চাংমাই গাঁৱৰ প্রাথমিক শাখা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা দ্বিতীয়দিনৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে প্রশিক্ষণ প্ৰদান কৰে শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° অৰূপানন্দ গোস্বামী, বিজ্ঞানী জীৱনজ্যোতি য়েইন, আৰু বিজ্ঞানী প্ৰিয়ব্ৰত বৰদলৈয়ে। আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকাই উদ্বোধনী বক্তব্য প্ৰদান কৰাৰ পাছতে অতিথিবক্তা হিচাপে উপস্থিত থকা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কৃষিবিজ্ঞানী ড: কৰুণাকান্ত শৰ্মাই বাৰী উন্নয়নৰ লগতে কৃষি আৰু পশুপালনৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ বিভিন্ন দিশ সম্পৰ্কত সম্যক ৰূপত বক্তব্য আগবঢ়ায়। কৃষিবিজ্ঞানী ড: অৰূপানন্দ গোস্বামীয়ে পশুপালন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। তেখেতে পামৰ জীৱজন্তুৰ সুৰক্ষাৰ বাবে ‘জৈৱ সুৰক্ষা পদ্ধতি’ৰ অৱলম্বন কৰিবলৈ আহ্বান জনায় আৰু সেই দিশত কৌশলগত প্রশিক্ষণ আগবঢ়ায়। ভেকচিন তথা প্ৰতিষেধকৰ প্ৰয়োগ আৰু ব্যৱহাৰ, পশু-পক্ষীৰ পৰিচৰ্য্যা সম্পৰ্কেও তেখেতে প্ৰশিক্ষাৰ্থীসকলক ভালেমান টিপচ আগবঢ়ায়। শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী তথা মীন বিষেশজ্ঞ জীৱন জ্যোতি য়েইনে মীন পালন বিষয়ত বক্তৃতা প্ৰদান কৰে। তেখেতে পুখুৰীৰ প্ৰস্তুতি, পানীৰ গুণাগুণ নিৰ্ধাৰণ, অপতৃণ নিবাৰণ, অদৰকাৰী মাছ নিবাৰণ, মাছৰ পোনা নিৰ্বাচন আদি ক্ষেত্ৰত মীন পালক সকলে লবলগীয়া ব্যৱস্থাপনাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
ব্যৱসায়িক ভিত্তিত কাঠফুলাৰ খেতি কৰা বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী প্ৰিয়ব্ৰত বৰদলৈয়ে। তেখেতে আমাৰ পৰিৱেশত ৰাইজে সহজে কৰিব পৰা অয়ষ্টাৰ জাতৰ কাঠফুলা খেতিৰ পদ্ধতি’ সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰে। প্ৰশিক্ষণৰ অন্তত আটাইকেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দি উৎস্যুকতা মৰিষণ কৰে। আবেলিলৈ প্রশিক্ষণ কৰ্মশালাৰ দ্বিতীয় মুকলি অধিবেশনত আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকা প্ৰমুখ্যে আকাশবাণীৰ কৰ্মকৰ্তা আৰু প্ৰশিক্ষকসকলক আয়োজক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছত আকাশবাণীৰ তৰফৰ পৰা অংশ গ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে কেন্দ্ৰটোৰ তৰফৰ পৰাই তিনিগৰাকী প্ৰশিক্ষক ক্ৰমে ড: অৰূপানন্দ গোস্বামী, জীৱনজ্যোতি য়েইন, প্ৰিয়ব্ৰত বৰদলৈ, আৰু কৃষিবিজ্ঞানী ড: কৰুণাকান্ত শৰ্মা, তিনিজন প্ৰশিক্ষাৰ্থী ক্ৰমে গীতাঞ্জলি শইকীয়া, প্ৰবীণ বৰা আৰু ৰোহিনী বৰগোহাঁই আৰু চাংমাই গাঁৱৰ ‘সুষমা বসুন্ধৰা’ গোটৰ মুৰব্বী গোবিন ৰাজখোৱাক অনুষ্ঠানতে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।স্থানীয় সমাজকৰ্মী বীৰেন চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনৰ শেষত আকাশবাণীৰ হৈ আয়োজক, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থী আৰু অভ্যাগত সকললৈ কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়ায় আকাশবাণী ডিব্ৰুগড়ৰ সম্প্ৰসাৰণ কাৰ্যবাহী জিণ্টু চেতিয়াই।
উল্লেখ্য যে প্রশিক্ষণ কর্মশালাত অঞ্চলটোৰ মুঠ ২৬টা আত্মসহায়কগোটৰ প্রায় দুশ পুৰুষ মহিলাই পঞ্জীয়ন কৰি দুদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *