উজনিৰ ৩৩ খন সমষ্টিক লৈ ডিব্ৰুগড়ত অগপৰ সতীৰ্থ সন্মিলন
আজি চাবুৱাত সংকল্প সমাৰোহ
চাইন অন ডেস্ক:

উজনিৰ পৰা অগপই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণনীতি। ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা মাহ বাকী থকাৰ প্ৰাকক্ষণত আজি ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে উজনিৰ ৯ খন জিলাৰ ৩৩ খন সমষ্টিৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত কৰে সতীৰ্থ সন্মিলন। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সতীৰ্থ সন্মিলনত ২৬ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত সন্দৰ্ভত আলোচনা কৰে। বিশেষকৈ উজনি অসমত অগপৰ আসন বৃদ্ধি প্ৰসংগ আৰু জিকাৰ সম্ভাৱনা থকা সমষ্টিসমূহৰ সম্পৰ্কে পৰ্যালোচনা কৰে। গুৱাহাটীত অনুষ্ঠিত হোৱা অগপৰ দিক্ নিৰ্ণায়ক সভাত লোৱা সিদ্ধান্তৰ কথা জানিবলৈ দি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয়, আমি দলটোক শক্তিশালী কৰা আৰু জনসংযোগ বৃদ্ধিত গুৰুত্ব দিছোঁ। জয়লাভ কৰা সমষ্টিত সংগঠন বৃদ্ধি কৰা হ’ব
আমি মিত্ৰদলকো সহায় কৰিম, নিজেও কাম কৰিম। এনেকুৱা নহয় যে, আমি সকলো সমষ্টিতে নিৰ্বাচন খেলিম। কিন্তু পূর্বতকৈ অগপৰ আসন বৃদ্ধি পাব। আগৰ দৰে ২০২৬ৰ নিৰ্বাচনতো আমি সমিলমিলেৰে নিৰ্বাচনত অৱতীৰ্ণ হম। ইফালে মিত্ৰদল অগপৰ সৈতে আসন ভাগ-বটোৱাৰা সন্দৰ্ভত এতিয়াও আলোচনা কৰা হোৱা নাই বুলি জানিবলৈ দি মন্ত্ৰী অতুল বৰাই লগতে কয়, আমাৰ সংগঠন ক’ত শক্তিশালী বা জিকাৰ সম্ভাৱনা থকা সমষ্টি চাৰ্ভে কৰা হ’ব। আমাৰ সকলো সতীৰ্থই সন্মানজনক বুজাবুজি হোৱাটো বিচাৰিছে।অগপ ক্ষমতাত থকাৰ সময়তো বিজেপিৰ সৈতে আমাৰ মিত্ৰতা হৈছিল। ২৬ৰ নিৰ্বাচনত নিৰ্দিষ্ট আসনৰ সন্দৰ্ভত এতিয়াও ক’ব নোৱাৰো, কিন্তু পূৰ্বতকৈ অধিক আসন বৃদ্ধি পাব। ইফালে অগপৰ বিধায়ক পোণাকন বৰুৱাই জানিবলৈ দি কয়, অগপই যিসমূহ সমষ্টিত নিৰ্বাচন খেলিব, সেই সমষ্টিসমূহত সংকল্প সমাৰোহ অনুষ্ঠিত কৰিব। আৰু এই সংকল্প সমাৰোহচাবুৱা সমষ্টিৰ পৰাই আৰম্ভ কৰিব। অগপৰ শিপা থকা প্ৰতিটো সমষ্টিত সাংগঠনিক তৎপৰতাত গুৰুত্ব দিয়া হৈছে। ৰাজ্যখনৰ যিসমূহ সমষ্টিত অগপৰ শিপা মজবুত হৈ আছে, সেই সমষ্টি সমূহত সংকল্প সমাৰোহ অনুষ্ঠিত হ’ব। আজিৰ সতীৰ্থ সন্মিলনত ২৬ৰ নিৰ্বাচনত ১০-১২ খন সমষ্টি সন্দৰ্ভত গুৰুত্ব দিয়াৰ কথা জানিবলৈ দিছে। উল্লেখযোগ্য যে, আজিৰ সতীৰ্থ সন্মিলনত গোলাঘাট, শিৱসাগৰ, মাজুলী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লক্ষীমপুৰ আৰু যোৰহাট জিলাৰ সভাপতি-সম্পাদক, ৩৩ টা সমষ্টিৰ সভাপতি-সম্পাদক আৰু দলৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অগপৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সতীৰ্থ সন্মিলনত সাংসদ ফনীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে অগপৰ ভালেসংখ্যক কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।